গুৱাহাটী,২৩ ফেব্ৰুৱাৰী:ভাৰতৰ তাৰকা খেলুৱৈ ৰবীন্দ্ৰ যাদেজাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথম দুয়োখন খেলত উজ্জীৱিত প্ৰদৰ্শনৰ সুবাদত আই চি চি টেষ্ট বলাৰ ৰেংকিঙৰ শীৰ্ষ দহত প্ৰৱেশ কৰিছে।
বাওঁহতীয়া বলাৰগৰাকীয়ে বৰ্ডাৰ গাভাস্কাৰ শৃংখলাত এতিয়ালৈকে ১৭টা উইকেট দখল কৰি শৃংখলাটোত আটাইতকৈ বেছি উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হৈছে। খেলুৱৈগৰাকী সম্প্ৰতি আই চি চি টেষ্ট বলাৰ ৰেংকিঙৰ নৱম স্থানত আছে। যাদেজাৰ লগতে ৰৰিচন্দ্ৰন অশ্বিন আৰু যশপ্রীত বুমৰাহেও এই ৰেংকিঙৰ শীৰ্ষ দহত স্থান লাভ কৰিছে।
ৰেংকিঙত ইংলেণ্ডৰ জেমছ এণ্ডাৰ্ছন প্রথম স্থানত থকাৰ বিপৰীতে অশ্বিন দ্বিতীয় স্থানত আছে। ইপিনে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত শৃংখলাত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত দ্বিতীয় স্থানত থকা ভাৰতৰ অক্ষৰ পেটেলে শেহতীয়া টেষ্ট অলৰাউণ্ডাৰ ৰেংকিঙত পঞ্চম স্থান দখল কৰিছে।
Comments