Cartoon
View Older
গুৱাহাটী, ২০ ফেব্ৰুৱাৰীঃ সোমবাৰে মেঘালয়ত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত ৫ জন লোকৰ কৰুণ মৃত্যু হয়। সূত্ৰ অনুসৰি, মৃত্যু হোৱা লোককেইজন টিএমচি দলৰ সমৰ্থক বুলি জানিব পৰা গৈছে। এই ৫ জন লোকৰ সৈতে আন কেইবাজনো লোক গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈছে।
এই দুৰ্ঘটনাটো সোমবাৰে পুৱা প্ৰায় ১১ বজাত খাৰকুট্টাৰ বোলমেদাঙত সংঘটিত হৈছে। পৰৱৰ্তী সময়ত আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। ইপিনে, নিহত লোক কেইজন মেৰিনা চাংমা, চাবিনা মাৰাক, কুকিলা মোমিন আৰু তেছা চাংমা বুলি চিনাক্ত কৰা হৈছে।
Comments