গুৱাহাটী, ২২ ফেব্ৰুৱাৰীঃ মানৱ শৰীৰত স্বাভাৱিক ৰক্তচাপ ১২০/৮০ মিমি এইচজিতকৈ কম হ'ব লাগে। এই সংখ্যাৰ সামান্য পৰিৱৰ্তনত জানিব পৰা যায় যে, শৰীৰৰ ৰক্তচাপ বৃদ্ধি পাইছে আৰু ইয়াক নিয়ন্ত্ৰণলৈ অনা প্ৰয়োজন। উচ্চ ৰক্তচাপ তেতিয়া হয়, যেতিয়া ধমনীবোৰ সংকুচিত হয় আৰু হৃদযন্ত্ৰই শৰীৰৰ অংশবোৰলৈ তেজ পাম্প কৰিবলৈ অধিক পৰিশ্ৰম কৰিব লগা হয়। প্ৰবাহৰ এই বৃদ্ধিয়ে ধমনীবোৰৰ সূক্ষ্ম কোষকলাৰ ওপৰত অতিৰিক্ত চাপ দিয়ে আৰু ৰক্তনলীবোৰ ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত হৃদযন্ত্ৰৰ অধিক ক্ষতি হয়।
~ উচ্চ ৰক্তচাপৰ লক্ষণঃ
• অস্পষ্ট দেখা
• মূৰ ঘূৰোৱা/মূৰ্চ্ছা যোৱা
• ভাগৰ
• দীৰ্ঘম্যাদী মুৰৰ বিষ
• দ্ৰুত হৃদস্পন্দন
• নাকৰ ৰক্তক্ষৰণ
• চুটি উশাহ
• বমি হোৱা
• উচ্চ ৰক্তচাপ হ্ৰাস কৰাৰ বাবে ঘৰুৱা প্ৰতিকাৰবোৰঃ
~ ডি.এ.এছ.এইচ. (DASH) ডায়েট
ৰক্তচাপৰ লক্ষণবোৰ নিয়ন্ত্ৰণ কৰাত আহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰাৰ বাবে ডি.এ.এছ.এইচ. Dietary Approaches to Stop Hypertension (DASH) আহাৰৰ পদ্ধতিয়ে ৰক্তচাপ হ্ৰাস কৰিব পাৰে। এই আহাৰত মুখ্যতঃ বতৰৰ ফল, সম্পূৰ্ণ শস্যজাতীয় আহাপ, বাদাম, মাছ আৰু কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী অন্তৰ্ভুক্ত থাকে।
~ নিমখ কমকৈ খোৱা
উচ্চ ৰক্তচাপ থকা ৰোগীসকলে আৰু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগে যাতে আহাৰত নিমখ বেছি নহয়। অত্যাধিক ছডিয়াম সেৱনে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। তাৰ সলনি, খাদ্যত সোৱাদ যোগ দিবলৈ বনৌষধি আৰু মচলা ব্যৱহাৰ কৰিব।
~ ওজন নিয়ন্ত্ৰণ কৰা
মেদবহুলতা হৈছে উচ্চ ৰক্তচাপৰ সৈতে সম্পৰ্কিত আন এটা বিপদাশংকাৰ কাৰক। বিশেষজ্ঞসকলৰ মতে, শৰীৰত অতিৰিক্ত চৰ্বিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য প্ৰভাৱিত কৰে। দীৰ্ঘম্যাদী সময়ত ই উচ্চ ৰক্তচাপকে ধৰি বহুতো গুৰুতৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে।
~ ধূমপান ত্যাগ কৰা
যদি সঁচাকৈয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে ধূমপান ত্যাগ কৰাটো নিত্যান্তই প্ৰয়োজনীয়। অধ্যয়ন অনুসৰি, উচ্চ ৰক্তচাপত ভুগি থকা আৰু লগতে ধূমপান কৰিব বিচৰা লোকসকলৰ হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা অধিক হয়।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments