Cartoon
View Older
গুৱাহাটী, ২২ ফেব্ৰুৱাৰীঃ উত্তৰপ্ৰদেশৰ বাৰাণসীত মাষ্টাৰ গেম ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছৰ বেডমিণ্টন শাখাৰ প্ৰতিযোগিতাত অসমৰ ১১ জনীয়া পুৰুষ-মহিলাৰ দলটোৱে উভয় শাখাতে উল্লেখনীয় প্ৰদৰ্শনৰে ১৭ টাকৈ সোণৰ পদক লাভ কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। উক্ত প্ৰতিযোগিতাত দলটোৱে ৯ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।
দলটোৰ খেলুৱৈসকল আছিল ক্ৰমে মাইন্টু কুমাৰ ভাগৱতী, কাচে ট্ৰোংপী, ডাঃ জেকুইলিন টোংপী, মেলডি কাঠাৰপি, জুবিনা বেইপি, এপ্রিল বেইপি, চামপ্ৰি ট্ৰোংপী, থং টেৰণ, জ্ঞান ৰঞ্জন বৰা, সঞ্জয় মজুমদাৰ আৰু সন্দ্বীপ চক্ৰৱৰ্তী। দলটোৱে প্ৰতিযোগিতাত ৩৫ কেজিৰ পৰা আৰম্ভ কৰি ৬০ কেজি ওজনলৈকে ভাগ লৈছিল।
Comments