Cartoon
View Older
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰীঃ দেওবাৰে মেঘালয়ৰ ৰি-ভোই জিলাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰায় ৬ জন লোক নিহত হৈছে। সূত্ৰ অনুসৰি, চিমেণ্ট কঢ়িওৱা এখন ট্ৰাকে এখন বলেৰ' বাহনক খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছে। চিমেণ্ট ভৰ্তি ট্ৰাকখন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ট্ৰাক চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰক খুন্দা মাৰে আৰু বিপৰীত দিশৰ পৰা অহা ব'লেৰ' বাহনখনক খুন্দা মৰাৰ ফলত বিপৰীত দিশত বাগৰি পৰে।
উক্ত দুৰ্ঘটনাটোত তিনিগৰাকী চালকসহ ছয়জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।
Comments