Cartoon
View Older
গুৱাহাটী, ২৮ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ কৃষি মন্ত্ৰী চি লালৰিন চাংগাই সোমবাৰে বিধানসভাৰ অধিৱেশনত জনাইছে যে, ৰাজ্যখনে শীঘ্ৰেই প্ৰথমবাৰৰ বাবে আমেৰিকালৈ কণ জলকীয়া (বাৰ্ডচ আই চিলি) ৰপ্তানি কৰিব। বিৰোধী জোৰাম পিপলছ মুভমেণ্ট (জেডপিএম)ৰ নেতা লালডুহোমাৰ প্ৰশ্নৰ উত্তৰ দি কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে, "৭.৫ মেট্ৰিক টন জৈৱিক কণ জলকীয়া আমেৰিকালৈ ৰপ্তানি কৰা হ'ব। চলিত বাজেট অধিৱেশনৰ পিছতে এই সামগ্ৰীখিনি আমেৰিকালৈ প্ৰেৰণ কৰা হ'ব।"
লালৰিনচাংগাই আৰু কৈছে যে, "চৰকাৰে কণ মিজো জলকীয়াৰ ভৌগোলিক চিনাক্তকৰণ (জিআই) টেগ লাভ কৰিছে। এই জলকীয়া বিগত সপ্তাহত বাংগালোৰত এক জৈৱিক নিশ্চিতকৰণ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। ৰাজ্য চৰকাৰে এই জলকীয়াৰ ঝুম খেতি উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে।"
Comments