Cartoon
View Older
গুৱাহাটী,২৮ ফেব্ৰুৱাৰী:কাৰাগাৰত বন্দী হৈ থকা আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু সত্যেন্দৰ জৈনে অৰবিন্দ কেজৰিৱালৰ মন্ত্ৰী সভাৰ মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁলোকৰ পদত্যাগ গ্ৰহণ কৰিছে।
যদিহে দুবছৰ বা তাতকৈ অধিক কাৰাদণ্ড বিহা হয় তেন্তে ছিছ’দিয়া আৰু জৈনে নিজৰ বিধানসভাৰ আসন হেৰুৱাব আৰু ছবছৰলৈকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। ৰাষ্ট্ৰীয় ৰাজধানীত ২০২১–২২ বৰ্ষৰ বাবে এতিয়া বাতিল হোৱা সুৰা নীতি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’ডিয়াক।
Comments