Cartoon
View Older
গুৱাহাটী,২৪ ফেব্ৰুৱাৰী:নগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি নগালেণ্ডত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ছুমুকেডিমাত অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা। নাগামিজ ভাষাৰে সম্বোধন কৰি মোদীয়ে আৰম্ভ কৰে ভাষণ।
তেওঁ লগতে উত্তৰ পূৰ্বাঞ্চলক লৈ থকা তেওঁৰ আনুগত্য প্ৰকাশ কৰি কয়,"আমি কংগ্ৰেছৰ দৰে উত্তৰ-পূবৰ আঠ ৰাজ্যক এটিএম বুলি নাভাবো৷ আমি উত্তৰ-পূবৰ আঠ ৰাজ্যক অষ্ঠলক্ষ্মী হিচাপে মানো। বিগত আঠ বছৰত বহুবাৰ আপোনালোকৰ মাজলৈ আহিছো৷ হৰ্ণবিল উৎসৱৰ ধ্বনি এতিয়াও আমি শুনা পাওঁ৷ নগালেণ্ডৰ বিজেপি দলে বহু ভাল কাম কৰি আছে৷ নগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইম্না আলঙৰ কথা দেশবাসীয়ে আজি শুনে৷ ময়ো ছচিয়েল মিডিয়াত টেমজেনক চাবলৈ সদায় চেষ্টা কৰো।’’
Comments