Cartoon
View Older
গুৱাহাটী, ২৫ ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ ৰাজ্যত এক অতিকৈ কৰুণ ঘটনা সংঘটিত হৈছে, য'ত এটা সোণালী বান্দৰৰ পোৱালীয়ে মাকৰ মৃত্যুৰ পিছত সাৱতি ধৰি কান্দিবলৈ ধৰে। মাকৰ মৃত্যুত অসহনীয়ভাৱে কান্দি থকাৰ এটা হৃদয়বিদাৰক দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
কেঁচুৱাটোৱে মাকক জগাই তুলিবলৈ অপ্ৰাণ চেষ্টা কৰাৰ এই দৃশ্যাৱলী আইএফএছ বিষয়া চুচেণ্টা নন্দাই টুইটাৰত পোষ্ট কৰিছে। য'ত তেওঁ লিখিছে যে, "এই দৃশ্যটোৱে মোক দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰিব। অসমৰ ৰাস্তাত এটা সোণালী বান্দৰৰ হত্যা হৈছে। কেঁচুৱাটো এতিয়াও মাকৰ গাত ধৰি কান্দি আছে, সি নাজানে মাকৰ কি হৈছে।"
Comments