গুৱাহাটী,২৬ ফেব্ৰুৱাৰী:দক্ষিন কোৰিয়ান পপ সংগীতৰ জনপ্ৰিয় বেণ্ড বিটিএছ (BTS) ৰ অন্যতম সদস্য জে-হ’পে দেশৰ বাধ্যতামূলক সামৰিক সেৱাত যোগদান কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে । স্মৰ্তব্য যে মূলতঃ উত্তৰ কোৰিয়াৰ সৈতে চলি থকা যুদ্ধত অৱতীৰ্ণ হোৱাৰ বাবে দক্ষিণ কোৰিয়াৰ সকলো সক্ষম পুৰুষে ১৮ মাহৰ পৰা ২১ মাহলৈ বাধ্যতামূলক ভাৱে সামৰিক সেৱাত যোগদান কৰিব লগীয়া হয় । অৱশ্যে কিছুমান খেলুৱৈ আৰু শিল্পীয়ে এই ড্ৰাফট কিছুদিনলৈ পিছুৱাই দিব পাৰে বা সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব পাৰে । কিন্তু এই প্ৰক্ৰিয়া অত্যন্ত কঠিন ।
এই ড্ৰাফটত তালিকাভুক্ত হোৱা প্ৰথমজন বিটিএছ সদস্য আছিল জিন। এতিয়া জিনৰ পিছতেই সাজু হৈছে জে-হ'প । তেওঁলোকৰ লেবেল বিগহিট মিউজিক (BIGHIT MUSIC) য়ে শ্বেয়াৰ কৰা তথ্য অনুসৰি জে-হ'পে ইতিমধ্যে এই প্ৰক্ৰিয়া স্থগিত ৰখাৰ বাবে বা বাতিলৰ বাবে আবেদন কৰিছে । বিগহিট মিউজিকে লগতে কয়, "যেতিয়ালৈকে জে-হ'পে সামৰিক সেৱা সম্পূৰ্ণ কৰি নিৰাপদে ঘৰলৈ ঘূৰি নাহে তেতিয়ালৈকে আমি আপোনালোকৰ মৰম আৰু সমৰ্থন বিচাৰিছোঁ ।"
আত্মপ্ৰকাশ কৰাৰ পৰায়ে বিটিএছৰ অন্যতম সদস্য জে-হ'পে ২০১৯ চনত চল'ইষ্ট হিচাপে বিলবোৰ্ড হট ১০০ ত প্ৰৱেশ কৰা বিটিএছৰ প্ৰথমজন সদস্য হিচাপে পৰিগণিত হৈছিল । গ্ৰুপটোৱে ব্যক্তিগতভাৱে এলবাম মুকলি কৰাক লৈ ঘোষণা কৰাৰ ঠিক পিছতেই ২০২২ চনত জে-হ'পে নিজৰ প্ৰথমটো ষ্টুডিঅ' এলবাম 'জেক ইন দ্য বক্স' মুকলি কৰিছিল । শিল্পীগৰাকীয়ে একেটা বিষয়ৰ ওপৰত এখন তথ্যচিত্ৰও মুকলি কৰে যিখন বৰ্তমান ডিজনী প্লাচ হটষ্টাৰত ষ্ট্ৰীমিং হৈ আছে । 'জেক ইন দ্য বক্স' মুকলি কৰি তেওঁ নিজৰ আগন্তুক প্ৰজেক্ট ‘হ’প অন দ্য ষ্ট্ৰীট’ ঘোষণা কৰে ।
কেৱল বিটিএছ আৰু জে-হ’পৰেই স্পটিফাইত ১৩ মিলিয়নতকৈ অধিক অনুগামী আছে । জে-হ'প বিটিএছৰ মূল নৃত্যশিল্পী আৰু ৰেপ লাইন আপৰ অন্যতম সদস্য । এই বছৰ তালিকাভুক্ত হ’বলগীয়া বিটিএছৰ আনজন সদস্য হ’ব পাৰে চুগা, যিয়ে এই বছৰ নিজৰ ৩০ বছৰ সম্পূৰ্ণ কৰিব । বিটিএছৰ আন এজন সদস্য জিমিনে মাৰ্চ মাহত নিজৰ একক এলবাম মুকলি কৰিব। তেওঁৰ একক এলবামটোৰ নাম হৈছে 'ফেচ' ।
শেহতীয়াকৈ জে-হ’প ফ্ৰান্সৰ ফেশ্বন কোম্পানী লুই ভিটনৰ সৈতে চুক্তিবদ্ধ হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে ব্ৰেণ্ডটোৰ ফেশ্বন শ্ব’ 'পেৰিছ ফেশ্বন উইক-২০২৩'ত অংশগ্ৰহণ কৰিছিল জে-হ’পে ।
Comments