গুৱাহাটী,২৬ ফেব্ৰুৱাৰী: তৃতীয় তথা নির্ণায়ক টেষ্ট মেচখনৰ বাবে আজি মধ্যপ্ৰদেশৰ পৰা ইন্দোৰ ষ্টেডিয়ামত উপস্থিত হ'লগৈ কোহলিসহ টীম ইণ্ডিয়া। অৱশ্যে দলটোৱে কাইলৈ বিয়লি ভাগৰ পৰা স্থানীয় হোলকাৰ ষ্টেডিয়ামত অনুশীলন আৰম্ভ কৰিব। উপস্থিত হোৱাৰ লগে লগে খেলুৱৈসকলক আদৰণি জনায় কর্মকর্তাসকলে। এই মেচখনৰ বাবে শুভমন গিলৰ ওপৰত ভৰসা ৰাখিছে মেনেজমেন্টে। কিয়নো অপেনাৰ কে এল ৰাহুলে প্রথম দুখন টেষ্টত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই। যোৱা তিনিটা ইনিংছত তেওঁ মাত্ৰ ১৮ ৰানহে কৰিবলৈ সক্ষম হৈছে। এনে পৰিস্থিতিত ইন্দোৰ টেষ্টত কে এল ৰাহুলৰ ঠাইত শুভমন গিলে অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা প্রবল ।
অধিনায়ক পেট কামিন্স আৰু ডেভিছ ৱাৰ্নাৰকে ধৰি দলটোৰ ৬ জন খেলুৱৈ আঘাত আৰু অন্যান্য কাৰণত ঘৰলৈ উভতি আহিছে। এনে পৰিস্থিতিত দলটোৰ দায়িত্ব ষ্টিভ স্মিথ, মানাছ লাবুছানে আৰু নাথান লিয়নৰ কান্ধত থাকিব। একে সময়তে দ্রুত বলিঙৰ কমাণ্ডো মিচেল ষ্টার্কেও ল'ব লাগিব গধুৰ দায়িত্ব। এই নির্ণায়ক মেচখনৰ বাবে ইন্দোৰত ক্রিকেটপ্রেমীৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। কিয়নো টীম ইণ্ডিয়া জয় মানেই শৃংখলা হস্তগত। ইফালে ইন্দোৰত টীম ইণ্ডিয়াই পৰাজয়ৰ মুখ দেখা নাই । দেওবাৰে দুপৰীয়া প্ৰায় ২ বজাৰ পৰা অনুশীলন কৰিব টীম ইণ্ডিয়াৰ খেলুৱৈয়ে। আনহাতে, মেচখনৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসনেও বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।
Comments