গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী : পাহাৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা নতুন দিল্লীৰ সৈতে ২৪ ফেব্ৰুৱাৰীৰ পৰা পোনপটীয়াকৈ বিমান চলাচল আৰম্ভ হৈছে। এই বিমান সেৱা আৰম্ভ কৰিছে অন্যতম বিমান সেৱা প্রদানকাৰী কোম্পানী স্পাইছজেটে। এই সন্দৰ্ভত স্পাইছজেটৰ সূত্ৰই সদৰী কৰা অনুসৰি কিউ - ৪০০ শ্ৰেণীৰ ৭২ খন আসনযুক্ত বিমানখন ১৮ জন যাত্ৰী লৈ পুৱা ৭.৪০ বজাত নতুন দিল্লীৰ বিমানবন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু ১০.৫৫ বজাত শ্বিলং বিমানবন্দৰত অৱতৰণ কৰে। তাৰ পিছত স্পাইছজেট কোম্পানীৰ ফালৰ পৰা যাত্ৰীসকলক আদৰণি জনোৱা হয়।
তাৰ পিছত বিমানখনে ১২ জন যাত্ৰী লৈ দিনৰ ১১.১৫ বজাত শ্বিলঙৰ পৰা নতুন দিল্লী অভিমুখে যাত্রা আৰম্ভ কৰে আৰু বিয়লি ২:৪০ বজাত নতুন দিল্লীত অৱতৰণ কৰে। উল্লেখ্য যে দিল্লীৰ মাজত পোনপটীয়াকৈ বিমান চলাচল কৰাৰ বাবে যোৱা ১৪ জানুৱাৰীত মেঘালয় চৰকাৰৰ অধীনৰ মেঘালয় পৰিবহণ নিগমৰ সৈতে এক বুজাবুজিৰ চুক্তি সম্পন্ন হৈছিল। সেই অনুসৰি প্ৰথম পৰ্যায়ত সপ্তাহত দুদিনকৈ এই বিমান চলাচল কৰিব। আনহাতে, শ্বিলং বিমানবন্দৰটো বৰাপানীৰ সমীপত পাহাৰীয়া ঠাইত অৱস্থিত হোৱা বাবে ইয়াৰ পৰা ৭২ৰ পৰা ৮০ খন আসনযুক্ত ‘কিউ- ৪০০' শ্ৰেণীৰ বিমানহে চলাচল কৰিব। উল্লেখ্য যে দেশৰ ৰাজধানী দিল্লীৰ সৈতে শ্বিলঙৰ পোনপটীয়া বিমান চলাচল আৰম্ভ হোৱাৰ পিছত নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত ইতিবাচক বার্তা আহিব বুলি আশা কৰা হৈছে।
Comments