Cartoon
View Older
গুৱাহাটী,২৮ ফেব্ৰুৱাৰী:চিবিআইৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চপা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ চিছ’দিয়া বিমুখ হৈছে শীৰ্ষ আদালতত। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে চিছ’দিয়াৰ আবেদন প্ৰাথমিক পৰ্যায়তে গ্ৰহণ কৰিবলৈ অনিচ্ছুকতা দেখুৱাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ পৰামৰ্শ দিয়ে।
চিছ’দিয়াক প্ৰতিনিধিত্ব কৰা অধিবক্তা অভিষেক সিংভীয়ে আদালতৰ মজিয়াত চিছ’দিয়াৰ গ্ৰেপ্তাৰক অবৈধ আখ্যা দিয়ে। তেওঁ এই দাবীৰ সমৰ্থনত সুৰা নীতিৰ গোচৰত চাৰ্জশ্বীটত চিছ’দিয়াৰ নাম নাই আৰু তালাচীত কোনো হিচাপহীন নগদ ধন পোৱা নগ’ল বুলি যুক্তি প্ৰদৰ্শন কৰিছিল।
Comments