লখিমপুৰ, ২৮ফেব্ৰুৱাৰী ; লখিমপুৰত বন বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ সাক্ষাৎকাৰ দিবলৈ আহি লখিমপুৰত আৰক্ষীৰ জালত পৰা উত্তৰ প্ৰদেশৰ যুৱক ৰনজিৎ কুমাৰক আজি জেললৈ প্ৰেৰণ কৰে আদালতে । আৰক্ষীয়ে যুবকজনক নিজৰ জমসূত্ৰে জানিব পৰা মতে উত্তৰ প্ৰদেশৰ মৌ জিলাৰ কাকৰিহাৰ নিবাসী সূৰ্যবানৰ পুত্ৰ ৰঞ্জিত কুমাৰে (২১)লখিমপুৰৰ লীলাবাৰী ত্ৰয়োদশ অসম পুলিচ বেটেলিয়ানৰ চাউনিত সাক্ষাৎকাৰ দিবলৈ আহোতেই যুৱক জনৰ নথিপত্ৰত জালিয়াতি ধৰা পৰাত তেওঁ আৰক্ষীৰ জালত পৰে ।
যুৱকজনে নিজকে লখিমপুৰ জিলাৰ পানিগাওঁ থানৰ বুলি উল্লেখ কৰা প্ৰৱেশ পত্ৰ আৰক্ষীক দেখুৱাইছিল । আৰক্ষীৰ মতে যুৱক জনে নিজকে লখিমপুৰ জিলাৰ পানী গাঁৱৰ বুলি উল্লেখ কৰা আবেদন পত্ৰ দেখুৱাতেই তেওঁৰ জালিয়াতি ধৰা পৰে ।
জানিব পৰা মতে বন বিভাগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত কেৱল অসমৰ প্ৰাৰ্থীয়েহে আবেদন কৰিব পাৰিব বুলি নিযুক্তিৰ বিজ্ঞাপনত উল্লেখ আছিল । কিন্তু সুদূৰ উত্তৰ প্ৰদেশৰ নিবাসী হৈ কেনেদৰে জালিয়াতিৰে সাক্ষাৎ কাৰত অৱতীৰ্ণ হবলৈ আহিছিল তাক লৈ আৰক্ষীৰ সন্দেহ হয় আৰু বৰ্তমান যুৱক জনক সোধা পোছা কৰি তদন্ত অব্যাহত ৰাখিছে ।
Comments