তালাপ, ২৮ ফেব্ৰুৱাৰী : ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু অসম বিজ্ঞান সমিতি ৰূপাই চাইডিং শাখাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ডুমডুমা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় । গছপুলি ৰোপণেৰে শুভাৰম্ভ কৰা আজিৰ অনুষ্ঠানটিত নবেল বঁটা বিজয়ী ছাৰ চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অনুষ্ঠানটোৰ মুখ্য বক্তা তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড৹ ঋষি দাসে ।
মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড৹ চম্পা ৰাও মোহনে উদ্বোধন কৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে অসম বিজ্ঞান সমিতি ৰূপাই চাইডিং শাখাৰ কাৰ্যকৰী সভাপতি মনোজ দত্তই । ড৹ দাসে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্যৰ লগতে গোলকীয় কল্যাণৰ বাবে গোলকীয় বিজ্ঞান বিষয়বস্তুৰ ওপৰত মূল্যবান বক্তব্য আগবঢ়ায় । মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলেশ্বৰ কলিতাই বক্তব্য প্ৰদান কৰে ।
আগদিনা অনুষ্ঠিত কৰা বিজ্ঞান ভিত্তিক কুইজ প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলসমূহক মানপত্ৰ আৰু বঁটা বিতৰণ কৰা হয় । অনুষ্ঠানটোৰ আঁত ধৰে অসম বিজ্ঞান সমিতি ৰূপাই চাইডিং শাখাৰ সম্পাদক ৰাতুল গগৈয়ে ।
একেদৰে অসম বিজ্ঞান সমিতি, ডুমডুমা শাখাই ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি ৩৬ সংখ্যক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰে । আৰম্ভণিতে চি ভি ৰমনৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ প্ৰকাশ দত্তই । ইয়াৰ পিছতে শাখাৰ সভাপতি প্ৰবীণ মজুমদাৰৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ।
আজীৱন সদস্য ৰুনুমণি দত্ত ভূঞাই এটি জ্যোতি সংগীত পৰিবেশন কৰাৰ পাচত সম্পাদক ধীৰেন ডেকাই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে চি ভি ৰমনৰ জীৱন আৰু কৃতিৰ বিষয়ে চমুকৈ ভাষণ দিয়ে । অনুষ্ঠানটোত ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিকৰ লগতে স্থানীয় কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাব্ৰতীসকল, বিদ্যালয়খনৰ অধ্যক্ষা সংগীতা বৰকাকতি, ডুমডুমা শাখা সাহিত্য সভাৰ সভাপতি বিমলা বৰুৱা, বঙ্গীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিবেদিতা পুৰকায়স্থ, সাংবাদিক অৰ্জুন বৰুৱা আদিয়ে যোগদান কৰে ।
Comments