গুৱাহাটী, ১ মাৰ্চঃ সকলোৰে প্ৰিয় অভিনেতা গোবিন্দা ৩ দশক ধৰি চিনেমা জগতত অভিনয় কৰিছে। তেওঁৰ নৃত্য শৈলীৰ পৰা অভিনয় আৰু হাঁহিলৈকে সকলো বয়সৰ মানুহ তেওঁৰ অনুৰাগী হৈ পৰিছে। তেওঁ চিনেমা জগতত ইমান উৎকৃষ্ট চলচ্চিত্ৰ দিছে যে আজিও মানুহে তেওঁৰ চিনেমা বোৰ বাৰে বাৰে চাবলৈ ভাল পায়। বিশেষ কথাটো হ'ল গোবিন্দা সেই বলীউড তাৰকাসকলৰ মাজৰ এজন যিয়ে পৰ্দাত সকলো ধৰণৰ চৰিত্ৰত অভিনয় কৰিছে। কিন্তু কমসংখ্যক লোকেহে জানে যে এটা সময় আছিল যেতিয়া গোবিন্দাৰ ৰেচন দোকানত গৈ অপমানিত হৈছিল। আনকি তেওঁৰ গোটেই পৰিয়ালটোক ইমান অপমানিত হৈছিল যে তেওঁৰ মাকে পুতকেৰ দুখ দেখি কান্দিছিল।
গোবিন্দাই তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিতে যথেষ্ট সংগ্ৰাম কৰিছে। গোবিন্দাৰ দেউতাক অৰুণ কুমাৰ এগৰাকী অভিনেতা আৰু প্ৰযোজক আছিল আৰু মাতৃ নিৰ্মলা দেৱী এগৰাকী অভিনেত্ৰী আৰু গায়িকা আছিল। তত্ স্বত্ত্বেও গোবিন্দাৰ জীৱনত এনে এক সময় আহে য'ত তেওঁৰ ওচৰত চাউল-দাইল, আটা কিনিবলৈও ধন নাছিল। এইটো গোবিন্দাই এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে।
গোবিন্দাই বিশেষ সাক্ষাৎকাৰত কৈছে যে- "এটা সময় আছিল যেতিয়া আমাৰ ওচৰত ৰেচনৰ সামগ্ৰী কিনিবলৈও ধন নাছিল। দোকানীয়ে বকেয়া পৰিমাণ পৰিশোধ নকৰাৰ বাবে মোক বহুত অপমান কৰিছিল। আমি লাজ-অপমানৰ সৈতে জীয়াই থাকিব লগা হৈছিল। দোকানীয়ে মোক দোকানৰ সন্মুখত কেইবাঘন্টা ধৰি শাৰীত থিয় কৰাই ৰাখিছিল। কাৰণ তেওঁ জানিছিল যে মই বস্তুৰ বিনিময়ত টকা পৰিশোধ কৰিব নোৱাৰিম। এই সকলোবোৰ দেখি মায়ে বহুত কান্দিছিল। তেওঁক কান্দি থকা দেখি মইও কান্দিছিলোঁ।"
Comments