Cartoon
View Older
গুৱাহাটী,১ মাৰ্চ:টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চেই নিজৰ নতুন প্লেটফৰ্ম ব্লুস্কাই মুকলি কৰি পুনৰ ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে। বৰ্তমান এই এপটো টেষ্টিং পৰ্যায়ত আছে আৰু ইয়াক এপল এপ ষ্ট’ৰত পোৱা যাব।
১৭ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে উপলব্ধ হোৱা iOS এপটো এতিয়ালৈকে প্ৰায় ২০০০ বাৰ ইনষ্টল কৰা হৈছে । ব্লুস্কাই ব্যৱহাৰকাৰী ইণ্টাৰফেহ সহজ হ’ব পৰাকৈ ডিজাইন কৰা হৈছে। ব্যৱহাৰকাৰীয়ে এপটোৰ ভিতৰত থকা প্লাছ বুটাম এটাত ক্লিক কৰিলেই ফটোকে ধৰি ২৫৬টা আখৰৰ পোষ্ট সহজেই কৰিব পাৰিব । ব্লুস্কাইত এটা নতিফিকেশ্যন টেব অন্তৰ্ভুক্ত কৰা হৈছে য’ত ব্যৱহাৰকাৰীয়ে টুইটাৰৰ দৰেই লাইক, ৰিপ’ষ্ট, ফ’ল’ আৰু ৰিপ্লাইবোৰ চাব পাৰে। কিন্তু এতিয়ালৈকে প্লেটফৰ্মত কোনো ডাইৰেক্ট মেছেজিং (ডি এম) বৈশিষ্ট্য উপলব্ধ কৰা হোৱা নাই ।
Comments