গুৱাহাটী,১ মাৰ্চ:তীব্ৰ আৰ্থিক সংকটত ভুগি থকা পাকিস্তানলৈ চীন, ইৰাণ, উজবেকিস্তানে সহায় আগবঢ়াইছে। পাকিস্তানত বৈদেশিক মুদ্ৰাৰ সঞ্চয়ৰ অৱস্থা অতি দুৰ্বল।দীৰ্ঘদিন ধৰি ভয়াৱহ আৰ্থিক সংকটত পৰিছে পাকিস্তান। সেই দেশৰ বেছিভাগ মানুহেই দুমুঠি খাদ্য খাবলৈ জীৱন-মৃত্যুৰ সংগ্ৰাম কৰিবলগীয়া হয়। এনে পৰিস্থিতিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পুনৰবাৰ মন্ত্ৰীসকলক মিতব্যয়ী হ’বলৈ পৰামৰ্শ দিয়ে। শেহতীয়াকৈ কেবিনেট বৈঠকৰ অন্তত শ্বাহবাজে তেওঁৰ মন্ত্ৰীসকললৈ বাৰ্তা প্ৰেৰণ কৰি কয় যে তেওঁলোকে আৰু বিমানৰ বিজনেছ ক্লাছত উঠিব নোৱাৰিব। সাধাৰণ জনতাৰ দৰে বিমানখনৰ ইকনমি ক্লাছত যাত্ৰা কৰিব লাগিব । ইয়াৰ বাহিৰে এতিয়াৰে পৰা বিলাসী হোটেলত থাকিব নোৱাৰিব তেওঁলোক ।
পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কয় - এতিয়া আমি সকলোৱে খৰচ কমাব লাগিব। এইটোৱে আমাক কঠিন সময়ত শিকাইছে, এতিয়াৰ বাবে আমি সহজ পদ্ধতিৰে জীয়াই থকা উচিত।২০১৯ চনত পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ৬ বিলিয়ন ডলাৰৰ অনুদান (বেইলআউট) লৈছিল। ভয়াৱহ বানপানীৰ পিছত ২০২২ চনত আৰু ১.১ বিলিয়ন ডলাৰৰ অনুদান লাভ কৰা হৈছিল। কিন্তু আই এম এফে যোৱা নৱেম্বৰ মাহত সেই অনুদান দিয়া বন্ধ কৰি দিছিল।
Comments