গুৱাহাটী,১ মাৰ্চ:দেওবাৰে পুৱা কলকাতাত উপস্থিত হয় ৰণবীৰ কাপুৰ। ৰণবীৰে কলকাতাত ভৰি দিয়াৰ পূৰ্বেই ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ ওপৰত এখন বায়’পিক সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে। ছবিখনত সৌৰভৰ চৰিত্ৰত কাক দেখা যাব, সেয়াই আলোচনা। শেহতীয়াকৈ সৌৰভৰ ঘনিষ্ঠ ব্যক্তি এজনে সংবাদ মাধ্যমৰ আগত কয় যে সৌৰভৰ বায়’পিকত ৰণবীৰ কাপুৰে নিজৰ ভূমিকা পালন কৰিবলৈ ওলাইছে। ইতিমধ্যে ছবিখনৰ বাবে যাৱতীয় কাম আৰম্ভ কৰিছে ৰণবীৰে। ৰণবীৰে কলকাতালৈ আহি সৌৰভৰ ঘৰলৈ যাব।
সৌৰভে আৰম্ভণিৰে পৰাই ৰণবীৰক ভাল পাইছিল। তেওঁৰ চৰিত্ৰত ৰণবীৰ কাপুৰক ডাঙৰ পৰ্দাত চাব বিচাৰে বুলি তেওঁ বহুবাৰ উল্লেখ কৰিছিল । কিন্তু ৰণবীৰৰ সময় মিলা নাছিল । আজিৰ দিনটোতে ৰণবীৰে তেওঁৰ আগন্তুক ছবি 'তু ঝুটি মেই মক্কাৰ'ৰ প্ৰচাৰৰ বাবে কলকাতালৈ আহিছিল। বায়’পিকখনৰ বিষয়ে সোধাত তেওঁ কয় যে সৌৰভ গংগোপাধ্যায়ৰ বায়’পিকখনৰ বিষয়ে মই একো নাজানো। স্ক্ৰিপ্ট এতিয়াও চলি আছে। কোনো অফাৰ পোৱা নাই। কিন্তু দাদা এজন জীৱন্ত কিংবদন্তি। ৰণবীৰে লগতে কয়, ‘অনুৰাগ বাসুৱে ১১ বছৰ ধৰি কিশোৰ কুমাৰৰ বায়’পিকখনৰ চিত্ৰনাট্য লিখি আহিছে। তাৰ বাবে মই সাজু হৈ আছো।'
Comments