Classifieds
View All
গুৱাহাটী, ১০ ফেব্ৰুৱাৰী: হাইলাকান্দী জিলাৰ অসম-মিজোৰাম সীমান্তৰ বিবাদমান এলাকাত হোৱা পুনৰ এক সংৰ্ঘষত আজি ছয়জন লোক আহত হয়। এই কথা চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
এটি পিএমজিএচৱাই ৰাস্তা ৰ্নিমানক লৈ হোৱা বিবাদৰ ফলত জালনিচেৰা-কিচুৰথাল এলেকাত সংৰ্ঘষৰ সূত্ৰপাত হয়। মিজোৰামৰ ক'লাচিব জিলাৰ কিছুসংখ্যক লোকে ৰাস্তাটো ৰ্নিমাণৰ বিৰোধীতা কৰে।
পুলিচ সূত্ৰ অনুসৰি মিজোৰামৰ কিছুসংখ্যক দুৰ্বৃত্তৰ আক্ৰমণত অসমৰ তিনিজন বাসিন্দা প্ৰথমে আহত হয়। ইয়াৰপাছত হোৱা প্ৰতিআক্ৰমণত মিজোৰামৰ ক'লাচিব জিলাৰ এখন মিছনেৰী স্কুলৰ অধ্যক্ষ, তেওঁৰ পৰিবাৰ আৰু জীয়েক আহত হয়।
অঞ্চলটোত উত্তেজনা অব্যাহত আছে।
Comments