Classifieds
View All
তিনিচুকীয়া: ১০ ফেব্ৰুৱাৰী:অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলা প্ৰশাসনে "কিপ মাউনতেইন ক্লিন এণ্ড গ্ৰীণ ----এ কেম্পেইন ফ'ৰ প্লাষ্টিক ফ্ৰী লৱাৰ দিবাং ভেলী" শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছে। পৰিপ্ৰেক্ষিতত অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলা প্ৰশাসন সক্ৰিয় হৈ পৰিছে। প্লাষ্টিক মুক্ত দিবাং ভেলী গঢ়াৰ স্বাৰ্থত কেতবোৰ নিয়ম- নীতি প্ৰযোজ্য কৰিছে। জিলাখনলৈ অহা পৰ্যটক সকলকো কেতবোৰ সতৰ্ক কৰি দিছে। বিশেষকৈ মায়ডিয়া পাছ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত প্ৰতিদিনে মাত্ৰ পঞ্চাশ খন বাহন প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে। আনহাতে পৰ্যটক সকলে প্লাষ্টিক জাতীয় সামগ্ৰী অনাতো নিষিদ্ধ ঘোষণা কৰিছে। আনকি পৰ্যটক, বাহন আদিৰ ক্ষেত্ৰত অৰুণাচল আৰক্ষীক তৎপৰতা গ্ৰহণ কৰাৰো নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।
Comments