গুৱাহাটী, ফেব্ৰুৱাৰী: জাৰ্নেলিষ্ট ফ’ৰাম অসম’(জেএফএ)এ গুৰুতৰ পথ দুৰ্ঘটনাৰ পিছত শাৰীৰিক অসুবিধাত ভুগি থাকিও ডিজিটেল সংবাদ সেৱা আৰম্ভ কৰাৰ বাবে অসমীয়া যুৱ সাংবাদিক কুশল লাহনক প্ৰশংসা কৰি তেওঁক প্ৰয়োজনীয় কাৰিকৰী সমৰ্থন আগবঢ়াবলৈ চৰকাৰক অনুৰোধ জনাইছে।
উল্লেখনীয় যে, অসমীয়া দৈনিক 'আমাৰ অসম’ত সাংবাদিকতা কৰা কুশলে ২০১৭ চনৰ ১৫ আগষ্টত এক দুৰ্ঘটনাত পতিত হৈ ভীষণভাৱে মেৰুদণ্ডত আঘাত প্ৰাপ্ত হৈছিল। মাহৰ পিছত মাহ ধৰি ক্লান্তিকৰ চিকিৎসাৰ পিছত কুশল আৰোগ্য হৈছে যদিও তেওঁ শৰীৰৰ তলৰ অংশত অনুভূতি বা চেতনা লাভ কৰিব পৰা হোৱা নাই । এতিয়া হুইল চেয়াৰত থাকিও, কুশলে ভাগ্যৰ ওচৰত আত্মসমৰ্পণ কৰা নাই আৰু ২০২০ চনত, সংবাদ মাধ্যমৰ প্ৰতি তেওঁৰ তীব্ৰ আকৰ্ষণ আৰু আন্তৰিকতাৰ তাগিদাতে News Only শীৰ্ষক এটা 'ইউটিউব চেনেল’ আৰম্ভ কৰে। এই চেনেলৰ (www.facebook.com/lahonjobs90) জৰিয়তে কুশলে নিজেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উল্লখযোগ্য ঘটনাৱলীৰ কিছুমান সংক্ষিপ্ত বাতৰি উপস্থাপন কৰি আহিছে।
গহপুৰ অঞ্চলৰ বাসিন্দা কুশলে বৰ্তমান তেওঁৰ পিতৃ-মাতৃ আৰু সৰু ভায়েকৰ সৈতে চহৰৰ উপকণ্ঠৰ ধাৰাপুৰ অঞ্চলত বাস কৰি আছে। ২০১১ চনত বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি কুশলে ২০১৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণ সংযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। 'আমাৰ অসম’ৰ পূৰ্বে তেওঁ 'ফ্ৰণ্টিয়াৰ’ আৰু 'এন ই লাইভ’ নিউজ চেনেলৰ বাবে কাম কৰিছিল।
কুশলে তেওঁৰ আৰ্থিক প্ৰতিকুলতাৰ সম্মুখীন পৰিয়ালক সমৰ্থন কৰিবলৈ অনুবাদৰ কামৰ জৰিয়তে সামান্য পৰিমাণৰ ধন উপাৰ্জন কৰে। অৱশ্যে তেওঁ কেৱল সাংবাদিকতাকে সম্পূৰ্ণৰূপে জীৱিকা হিচাপে গ্ৰহণ কৰিব বিচাৰে আৰু সেয়েহে তেওঁক এটা কেমেৰা আৰু প্ৰয়োজনীয় পোহৰ আৰু ধ্বনি ব্যৱস্থাৰ সৈতে এটা 'আই মেক কম্পিউটাৰ’ৰ প্ৰয়োজন (তেওঁৰ যোগাযোগ নম্বৰ m-7002173029, 8486015754 আৰু [email protected])।
‘জেএফএ’ৰ সভাপতি ৰূপম বৰুৱা আৰু সম্পাদক নৱ ঠাকুৰীয়াই কয় , “অসমৰ সচেতন ৰাইজে কুশলৰ চেনেলটো 'ছাবস্ক্ৰাইব’ কৰিলে কুশলে তেওঁৰ প্ৰচেষ্টাৰ বাবে গুৰুত্বপূৰ্ণ সঁহাৰি লাভ কৰিবলৈ সক্ষম হ’ব , যিয়ে তেওঁৰ পেশাদাৰী বিকাশ বৃদ্ধি কৰাতো সহায় কৰিব ৷ আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াক জীৱনযুদ্ধত হাৰ নমনা এই উৎসাহী সাংবাদিক-লেখকগৰাকীক প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাওঁ, যাতে তেওঁ এক মৰ্যাদাপূৰ্ণ জীৱিকা অৰ্জন কৰিব পাৰে।”
Comments