Classifieds
View All
গুৱাহাটী,১৩ ফেব্ৰুৱাৰী: মণিপুৰৰ ঠৌবাল জিলাত প্ৰায় দুঘণ্টা জোৰা গুলীয়াগুলীৰ শেষত সেনাবাহিনীয়ে আজি কুকি উগ্ৰপন্থীৰ গৰাহৰ পৰা তিনিজন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
লৈখঙ এলেকাত এখন দলং নিৰ্মাণৰ কামত ব্যস্ত থকা শ্ৰমিক কেইজনক কুকি জনজাতীয় উগ্ৰপন্থীয়ে যোৱা ৭ ফেব্ৰুৱাৰীত অপহৰণ কৰি নিছিল।
সেইদিন ধৰি সেনাবাহিনীয়ে শ্ৰমিক কেইজনক বিচাৰি নিৰবিচিন্ন ভাৱে অপাৰেছন চলাই আজি কামুচিং অৰণ্যত তেওঁলোকৰ সন্ধান পায়।
সেনাবাহিনীৰ সৈতে হোৱা গুলীয়াগুলীৰ সময়ত কুকি উগ্ৰপন্থীৰ দলটোৱে অপহৃত শ্ৰমিক কেইজনক এৰিথৈ যাবলৈ বাধ্য হয়।
মণিপুৰৰ মূখ্যমন্ত্ৰী বীৰেন সিংহই এই অভূতপূৰ্ব সফলতাৰ বাভৃ সেনাবাহিনীৰ দলটোক ১০ লাখ টকাৰে পুৰষ্কৃত কৰে।
Comments