মাজুলী,১৩,ফেব্ৰুৱাৰী:যোৱা ৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে যোৰহাট-মাজুলী সংযোগী দলংৰ কামৰ দায়িত্ব M/s UP state Bridge corporation Ltd নামৰ এটি নিৰ্মাণকাৰী সংস্থাক অৰ্পণ কৰাৰ পিছত আজি লোকনিৰ্মান বিভাগৰ ( ৰাষ্ট্ৰীয় ঘাইপথ ) এটি উচ্চ স্তৰীয় দল মাজুলীত আহি উপস্থিত হয়।
দলংৰ সংলগ্ন পথৰ দিশ নক্সা সম্পৰ্কীয় ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে উপস্থিত হোৱা দলটিয়ে কাৰিকৰী কিছু কামৰ বাবে দক্ষিণপাট পঞ্চায়তৰ ওচৰতে পুৰোহিতৰ হতুৱাই কিছু মাংগলিক নীতি নিয়মো কৰে।
দক্ষিণপাটৰ কলিতা গাঁওৰ দক্ষিণপাত পঞ্চায়তৰ সমীপত গড়কাপ্তানী ৰাষ্ট্ৰীয় পথ বিভাগৰ আয়ুক্ত, মুখ্য অভিযন্ত্ৰা সহ বহু কেইগৰাকী বিষয়ৰ উপস্থিতিত আৰম্ভ হোৱা এই মাংগলিক কাৰ্যই সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই মাজুলীৰ ইতিহাসত এক নতুন অধ্যায়ৰ পাতনি মেলে।
অহা ১৮ ফেব্ৰুৱাৰীত এক বিশাল আয়োজনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি মাজুলীত বহু চৰ্চিত যোৰহাট মাজুলী দলংৰ আনুষ্ঠানিক শুভাৰম্ভ হব কৰি
Comments