Classifieds
View All
টকিঅ’, ২৬ ডিচেম্বৰ ঃ জাপানে মহাকাশলৈ কাঠেৰে নির্মাণ কৰা এটা কৃত্রিম উপগ্রহ প্রেৰণ কৰিব৷ দেশখনে এই কথা ঘোষণা কৰি কয় যে ইয়াৰ ফলত মহাকাশত প্রদূষণ হ্রাস পাব৷ কাঠেৰে নির্মাণ কৰা এই কৃত্রিম উপগ্রহটো দেশখনে ২০২৩ চনত মহাকাশলৈ প্রেৰণ কৰিব৷ জাপানৰ কিয়ট’ বিশ্ববিদ্যালয় আৰু ছুমিটমো ফৰেষ্ট্রী কোম্পানীয়ে মিলি এই কৃত্রিম উপগ্রহটো নির্মাণৰ কাম কৰি আছে৷
তেওঁলোকে মহাকাশত প্রদূষণ হ্রাস কৰাৰ বাবে প্রচেষ্টা চলাই এই কৃত্রিম উপগ্রহটো নির্মাণ কৰিবলৈ লৈছে৷ উল্লেখযোগ্য যে মানৱ নির্মিত পুৰণি কৃত্রিম উপগ্রহকে ধৰি আৱর্জনাৰে ভৰি পৰিছে মহাকাশ৷ এই আৱর্জনাই পৃথিৱীৰ জলবায়ুতো প্রভাৱ পেলাইছে৷ মহাকাশত কাঠৰ অধিক ব্যৱহাৰক লৈ জাপানে গৱেষণাও আৰম্ভ কৰিছে৷
Comments