মহামাৰীৰ সংক্রমণত বিধবস্ত হোৱা ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে আত্মনির্ভৰ ভাৰত শ্ল’গান আৰম্ভ কৰিছে৷ অর্থনৈতিক দুৰৱস্থাত চিন্তিত হৈ পৰা চৰকাৰে বিভিন্ন সেৱাত আত্মনির্ভৰ হ’ব পৰা সিদ্ধান্তৰ মাধ্যমেৰে দেশৰ উন্নয়নৰ হাৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে৷ অৱশ্যে অর্থনৈতিক বিকাশৰ সম্ভাৱনাক বিচাৰ কৰিবলৈ যাওঁতে এনে সিদ্ধান্তৰ উপৰি দেশৰ আন্তঃগাঁথনিমূলক সুবিধা বা বুনিয়াদী ব্যৱস্থাৰ ওপৰতো সমানে গুৰুত্ব দিব লাগিব৷ দেশৰ উন্নয়নৰ মূল উৎস কৃষি আৰু ঔদ্যোগিক খণ্ডৰ বিকাশ সম্পূর্ণৰূপে ইয়াৰ বুনিয়াদী ব্যৱস্থাৰ ওপৰত নির্ভৰ কৰে৷
তদুপৰি উন্নয়ন পর্যায়ত অধিক গুৰুত্বপূর্ণ আৰু কঠিন কাম হ’ল এক মৌলিক আন্তঃগাঁথনিমূলক ব্যৱস্থাপনা সৃষ্টি কৰা৷ এই বুনিয়াদী বা আন্তঃগাঁথনিমূলক ব্যৱস্থাৱলীৰ ভিতৰত অর্থনৈতিক আৰু সামাজিক স্থিতিসমূহ অন্তর্ভুক্ত হৈ থাকে যাক ভিত্তি কৰি আত্মনির্ভৰ হ’ব পৰা সিদ্ধান্ত ল’ব পৰা যায়৷ আত্মনির্ভৰ ভাৰত গঢ়ি তুলিবলৈ হ’লে কৃষিখণ্ডৰ উন্নয়ন, ঔদ্যোগিক বিকাশ আৰু কাৰিকৰী বিপ্লৱৰ প্রয়োজন আছে৷
কিন্তু সাম্প্রতিক সময়ত অতি প্রয়োজনীয় চিন্তাটো হৈছে প্রাকৃতিক সম্পদক সদ্ব্যৱহাৰ কৰি তাৰ পৰা সবোর্চচখিনি আদায় কৰা৷ এই ক্ষেত্রত প্রকৃতি আৰু আর্থিক কামৰ মাজত যাতে এটা ভাৰসাম্য ৰক্ষা কৰা হয়, তাৰ ওপৰতো চকু দিব লাগিব৷ তেতিয়াহে আমি বহনযোগ্য উন্নয়ন আশা কৰিব পাৰিম৷ আত্মনির্ভৰ ভাৰত অভিযান চলাবলৈ যাওঁতে দেশৰ সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ যোগেদি মূলধন সৃষ্টি কৰিব পৰা সুবিধাখিনি থাকিব লাগিব৷ তেহে ভূমিখণ্ডত প্রাকৃতিক সম্পদ সৃষ্টিৰে অর্থনীতিৰ ভৱিষ্যৎ গঢ় দিব পৰা যাব৷ প্রকৃতিক সম্পদ হিচাপে পোৱাতকৈ পুঁজি যোগানৰ উৎস হ’লেহে উন্নয়নৰ বাবে অধিক সুবিধা হ’ব৷
মন্থৰ হৈ পৰা দেশৰ অর্থনীতিক পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে কিছুমান আঁচনি হাতত লৈছে৷ এই আঁচনিসমূহৰ অন্তর্গত আত্মনির্ভৰ ভাৰত অভিযানৰ অধীনত ২.৬৫ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে চৰকাৰে৷ ইয়াৰ ভিতৰত প্রধানমন্ত্রীৰ আৱাস যোজনাৰ বাবে ১৮ হাজাৰ কোটি টকাৰ সাহায্যও আছে৷ এই পুঁজিৰ দ্বাৰা নির্মাণ খণ্ডত আধৰুৱা হৈ থকা প্রকল্পসমূহ সম্পূর্ণ কৰাত সহায় হ’ব আৰু প্রায় ৭৮ লাখ চাকৰি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব৷ তদুপৰি আত্মনির্ভৰ ভাৰত ৰোজগাৰ যোজনাৰ অধীনত কর্মচাৰীৰ ভৱিষ্যনিধি সংগঠনত পঞ্জীকৃত নতুন কর্মচাৰীকো ৰাজসাহায্য দিব পৰা যাব৷
এই আঁচনিৰ দ্বাৰা নিম্নবর্গৰ কর্মচাৰীসকলো যাতে উপকৃত হয় তাৰ প্রতিও লক্ষ্য ৰাখিব লাগিব৷ তদুপৰি ক’ৰনা মহামাৰীৰ বাবে চাকৰিৰ পৰা অব্যাহতি দিয়া কর্মচাৰীসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব৷ অৱশ্যে কর্মচাৰীসকলক পুনৰ মকৰল কৰিবৰ বাবে প্রতিষ্ঠানসমূহক চৰকাৰৰ ফালৰ পৰা হেঁচা প্রয়োগ কৰা হ’ব৷ পঞ্জীকৃত প্রতিষ্ঠানত যিবিলাক কর্মচাৰী পূর্বতে ভৱিষ্যনিধি সংগঠনৰ লগত জড়িত নাছিল, সেইসকলকো চৰকাৰে ইয়াৰ অংশ দিব৷
তদুপৰি কৃষকসকলে যাতে পর্যাপ্ত পৰিমাণে উৎপাদন ক্ষেত্রত সাৰ প্রয়োগ কৰিব পাৰে, তাক সংগ্রহ কৰিবলৈও চৰকাৰে ৬৮ হাজাৰ কোটি টকাৰ উদগনিমূলক পেকেজ প্রদান কৰিব৷ প্রধানমন্ত্রীৰ গৰিব কল্যাণ আঁচনিৰ বাবেও অতিৰিক্ত দহ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে৷ দেশত ৰপ্তানি বৃদ্ধিত সহায় হোৱাকৈ ‘একজিম বেংকে’ আগভাগ ল’বৰ বাবে তিনিহাজাৰ কোটি টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে৷ আনহাতে গৃহ নির্মাণ কৰা প্রতিষ্ঠান আৰু ক্রেতাক বিশেষ চুক্তিৰ ক্ষেত্রত আয়কৰ ৰেহাই দিয়াৰো ব্যৱস্থা কৰা হৈছে৷ এই ৰেহাই দুই কোটি টকালৈকে গৃহ ক্রয়ৰ ক্ষেত্রত প্রযোজ্য হ’ব৷
ক’ৰনা ভাইৰাছ সংক্রমণ প্রতিৰোধৰ বাবে লোৱা ব্যৱস্থাত মন্দা হৈ পৰা দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাৰ অর্থে ৰাজ্যসমূহলৈ ১২ হাজাৰ কোটি টকাৰ সুত বিহীন ঋণ প্রদান কৰাৰো সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ এই সাহায্য আঁচনিয়ে অর্থনীতি উন্নয়নত সহায় কৰাৰ লগতে ৰাজ্যসমূহে কিছুমান উৎপাদনমুখী কার্যপন্থাও হাতত ল’ব পাৰিব৷ অনুমান কৰা হৈছে যে ঋণ যদি ৰাজ্যসমূহে সঠিকভাৱে কামত লগাব পাৰে, তেন্তে অর্থনীতিত এক লাখ কোটি টকাৰ অতিৰিক্ত চাহিদা বৃদ্ধি পাব৷ কর্মচাৰীসকলে ঋণ লোৱাৰ বাবত কোনো ধৰণৰ সুত দিব নালাগিব৷
আত্মনির্ভৰ ভাৰত পেকেজত ঘোষণা কৰা চাৰিটা সংস্কাৰৰ তিনিটা কার্যকৰী কৰা ৰাজ্যসমূহে অতিৰিক্ত দুহেজাৰ কোটি টকা লাভ কৰিব কেন্দ্রীয় চৰকাৰৰ পৰা৷ এই সংস্কাৰ বিশেষকৈ কর্মসংস্থাপনৰ সুবিধা, বাণিজ্যিক উন্নতি আৰু স্বাস্থ্য, শিক্ষাখণ্ডৰ বিকাশৰ লগত জড়িত হৈ আছে৷ মহাত্মা গান্ধী গ্রাম্য নিয়োগ আঁচনিৰ অধীনত কর্মসংস্থাপনৰ বাবে চৰকাৰে ৪০,০০০ কোটি টকা ধার্য কৰি দিছে৷ এই আঁচনিৰ যোগেদি নিবনুৱা যুৱক-যুৱতীয়ে ‘জবকার্ড’ লাভ কৰিব৷
দেশত ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ সম্প্রসাৰণ আৰু বিকাশৰ বাবেও বিশেষ নীতি গ্রহণ কৰা হৈছে, যাতে নিবনুৱাৰ সংস্থানৰ সুবিধা হয়৷ এই সকলো কথালৈ লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে ২০২০-২১ বর্ষত ৰাজ্যসমূহলৈ সাহায্য প্রদানৰ পৰিমাণ ৩ৰ পৰা ৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যসমূহ সম্পদ আহৰণৰ যোগেদি আত্মনির্ভৰ হ’বৰ বাবে ৪.২৮ লাখ কোটি টকা অনুমোদন জনাইছে৷ শিক্ষা খণ্ডতো আৱশ্যকীয় আৰু ক্ষমতাসম্পন্ন শিক্ষা বিকাশৰ যোগেদি ভৱিষ্যতে মানৱ সম্পদ গঢ় দিয়াৰ পৰিকল্পনা কৰিছে কেন্দ্রীয় চৰকাৰে৷
উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে মূলধনী ব্যয় বাজেটৰ উপৰি পুঁজিগত ব্যয় পৰিমাণো বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ দ্বাৰা ৰাষ্ট্রীয় ঘাইপথৰ উন্নয়ন, প্রতিৰক্ষা শিতান, পানী যোগান আৰু নগৰাঞ্চলৰ উন্নয়নৰ কথা ভবা হৈছে৷ প্রকৃততে মহামাৰীৰ বাবে স্থবিৰ হৈ পৰা অর্থনীতিয়ে যাতে গতি লাভ কৰে আৰু জি ডি পিৰ বিকাশ ইতিবাচক হয়, সেই লক্ষ্যৰেই চৰকাৰে ব্যয় বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷ নিটি আয়োগৰ মতে, চৰকাৰে লোৱা কিছুমান সংস্কাৰ ব্যৱস্থাই অর্থনৈতিক ভেটি শক্তিশালী কৰিব৷
ভূমিখণ্ডত প্রাকৃতিক সম্পদ সৃষ্টিৰে গ্রামীণ অর্থনীতিৰ ভৱিষ্যৎ গঠন কৰাৰো চিন্তা কৰা হৈছে৷ যিহেতু গ্রাম্য অর্থনীতি কৃষিৰ লগত জড়িত, সেয়েহে কৃষিখণ্ডৰ উৎপাদন বৃদ্ধিৰে গ্রামীণ ভৱিষ্যৎ শক্তিশালী কৰিব লাগিব৷ সেই উদ্দেশ্যৰেই গ্রাম্য অঞ্চলৰ দৰিদ্র কৃষকসকলক সকাহ দিবলৈ আৰু স্বাৱলম্বী কৰি তুলিবলৈ পি এম কিষাণ আঁচনি প্রৱর্তন কৰিছে৷ উৎপাদন বৃদ্ধি কৰিবলৈ উৎসাহিত কৰাৰ লগতে কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগক অধিক শক্তিশালী কৰিবলৈ বিচৰা হৈছে এই আঁচনিৰ জৰিয়তে৷
তদুপৰি আত্মনির্ভৰ ভাৰত অভিযানত মহিলা কৃষক হিতাধিকাৰীকো প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিত অন্তর্ভুক্ত কৰা হৈছে৷ কৃষিৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিবৰ বাবেই চৰকাৰে বিভিন্ন আঁচনি প্রৱর্তন কৰি কৃষকক উদগনি যোগাবলৈ যত্ন কৰিছে৷ অৱশ্যে কৃষি উৎপাদনত দেশ আত্মনির্ভৰশীল হ’ব পৰা লক্ষণ দেখা গৈছে৷
যিহেতু চীনদেশৰ দৰে শত্রুভাবাপন্ন ৰাষ্ট্র এখনেও ভাৰতৰ পৰা চাউল আমদানি কৰিবলৈ বিচাৰিছে৷ চীনদেশত চাউলৰ যোগানত দেখা দিয়া ভীষণ নাটনি আৰু ভাৰতবর্ষই যথেষ্ট ৰেহাই দামত চাউল যোগান ধৰিবলৈ আগবঢ়োৱা প্রস্তাৱৰ বাবেই ৰাষ্ট্রখনে ভাৰতীয় চাউল আমদানি কৰিবলৈ আৰম্ভ কৰিছে৷ উল্লেখযোগ্য যে, লাডাখত ভাৰত-চীন সীমান্তত উভয় দেশৰ মাজত বিবাদ চলি থকাৰ কাৰণে ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে৷ তাৰ মাজতে চীনদেশে ভাৰতৰ পৰা চাউল আমদানি কৰিবলৈ বিচৰাটো দেশৰ বাবে এটা সুখবৰ৷
অসমৰ দৰে পিছপৰা ৰাজ্য এখনতো আত্মনির্ভৰ হ’ব পৰা প্রচেষ্টা চলাব লাগিব৷ প্রকৃততে আত্মনির্ভৰ অসম সম্ভৱ হ’ব কেৱল কৃষি বিপ্লৱৰ জৰিয়তেহে৷ অসমত কৃষিজাত সামগ্রীৰ উৎপাদনৰ লগতে ক্ষুদ্র চাহ খেতি, বনৌষধ আদিৰো অধিক সম্ভাৱনা আছে৷ অসমৰ বহুতো যুৱকে ক্ষুদ্র চাহ খেতিৰ যোগেদি আত্মনির্ভৰ হ’ব পাৰিছে৷ সেইদৰে বনৌষধ উদ্যানৰ যোগেদিও স্বাৱলম্বী হোৱাৰ সুবিধা আছে৷ গতিকে স্বাৱলম্বী হৈ আত্মনির্ভৰ অসম গঢ়িব পাৰি৷ তাৰ বাবে লাগিব কর্মস্পৃহা, প্রত্যাহ্বান আৰু আত্মবিশ্বাস৷
চৰকাৰী চাকৰি বাদ দিও বহুতো যুৱকে পশুপালন, মৎস্যপালন আদিৰে জীৱিকা অর্জন কৰিছে৷ ৰাজ্যখনৰ বাবে এইটো ভাল খবৰ৷ তদুপৰি বাণিজ্যিকভাৱে কৃষিভিত্তিক অর্থনীতি এখন গঢ় দিব পাৰিলেও আত্মনির্ভৰ অসম ধাৰণাটো সফল হ’ব৷ তাৰ বাবে কৃষকসকলক চৰকাৰে উন্নত জাতৰ বীজ, জলসিঞ্চনৰ সুবিধা দিব লাগিব৷ সুপৰিকল্পিত আঁচনিৰ যোগেদি কৃষিখণ্ডক আগুৱাই নিব পাৰিলে কৃষকে শ্রমৰ প্রকৃত মূল্য পোৱাৰ লগতে উৎপাদনৰ ক্ষেত্রতো ৰাজ্যখন স্বাৱলম্বী হ’ব৷ গতিকে জৈৱিক কৃষিকার্যৰ দ্বাৰা গ্রাম্য অর্থনীতিৰ উন্নয়নৰ কথাটো চিন্তা কৰা ভাল৷
সমান্তৰালকৈ ৰাজ্যত ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ স্থাপনৰ বাবেও চৰকাৰে গুৰুত্ব দিব লাগিব৷ উল্লেখযোগ্য যে আত্মনির্ভৰ ভাৰতৰ অধীনত শাৰীৰিকভাৱে সক্ষমজনৰ অর্থনৈতিক উত্তৰণৰ বাবেও অসম চৰকাৰে আঁচনি প্রস্তুত কৰিছে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ উদ্যোগত আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত মহাত্মা গান্ধী ৰাষ্ট্রীয় গ্রাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত গ্রামাঞ্চলত বাস কৰা শাৰীৰিকভাৱে অক্ষমসকলক বিশেষ ‘জবকার্ড’ প্রদানৰ মাধ্যমেৰে বছৰত ১০০ দিনৰ মজুৰি ভিত্তিক অনাকৌশলী কর্মসংস্থান প্রদান কৰাৰ লগতে কৃষি আৰু কৃষিভিত্তিক জীৱিকা অর্জনৰ ক্ষেত্রত প্রয়োজন অনুসৰি বহনক্ষম ব্যক্তিগত সম্পদ সৃষ্টিৰ জৰিয়তে এইসকল লোকৰ জীৱিকাৰ পথ সুগম কৰাৰ উদ্দেশ্যৰে গ্রহণ কৰা হৈছে এই আঁচনি৷
সেয়ে হ’লে কৃষি আৰু কৃষি ভিত্তিক জীৱিকা অর্জনৰ বাবে সম্পদ সৃষ্টিৰ মাধ্যমেৰে নিজৰ আৰু লগতে পৰিয়ালক ভৰণ-পোষণ দিবলৈ সুবিধা হ’ব৷ অকল সেয়াই নহয়, জীৱিকাৰ উত্তৰণেৰে সামাজিক আৰু অর্থনৈতিক সুৰক্ষা প্রদান কৰাৰ লগতে তেওঁলোকক সমান অধিকাৰ প্রদান কৰি স্বাভিমানেৰে জীয়াই থকাৰ ক্ষমতা দিব৷
বর্তমান দেশখনত যিটো অর্থনৈতিক অৱস্থা চলিছে, ইয়াৰ পৰিপ্রেক্ষিতত এখন আত্মনির্ভৰ ভাৰতৰ বাবে এটা সুযোগ সৃষ্টি কৰাৰ প্রয়োজন হৈছে৷ নিবনুৱা এটা সমস্যা বুলি নাভাবি কিছুমান সুযোগ গ্রহণৰ যোগেদি যুৱক-যুৱতীসকলে আত্মনির্ভৰ হ’ব পাৰিব৷ আত্মসহায়ক গোট গঠন, ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ স্থাপনৰ চিন্তাও থাকিব লাগিব৷ বর্তমান অৱস্থাত ভৌগোলিক আৰু শস্যভিত্তিক কৃষি আৰু শাক-পাচলি উৎপাদনত গুৰুত্ব দিয়া হৈছে৷
লগতে নিবনুৱা যুৱক-যুৱতীসকলে উদ্যান বা কৃষিজাত সামগ্রী উৎপাদন কৰা, মীন পালন, হাঁহ-কুকুৰা পতিপালন, গাহৰি পাম আদিত নিজকে নিয়োজিত কৰিও উপার্জনৰ পথ মুকলি কৰিব পাৰে৷ কেৱল চৰকাৰী বা বেচৰকাৰী প্রতিষ্ঠানৰ চাকৰিৰ পিছত ঘূৰি সময়বোৰ অপব্যয় কৰাতকৈ এনেবিলাক কামৰ মাধ্যমেৰে আত্মনির্ভৰশীল হ’ব পৰা যায়৷ বিত্তীয় প্রতিষ্ঠানবিলাকেও এই ক্ষেত্রত ঋণ প্রদানৰ দায়িত্ব লৈছে৷ ব্যৱসায়ী, সংগঠকসকলক ঋণ পৰিশোধৰ সময়ো দিছে৷ কিন্তু কথা হৈছে, ঋণ পৰিশোধৰ ম্যাদ বৃদ্ধি কৰিলেই সমস্যাৰ অন্ত নপৰে৷
মহামাৰীয়ে জুৰুলা কৰা ব্যক্তি, প্রতিষ্ঠানক দুযোর্গৰ পৰিপ্রেক্ষিতত ঋণৰ বাবত দিব লগা সুত ৰেহাই দিয়া বা চৰকাৰে বহন কৰাৰ দায়িত্ব ল’লেহে আত্মনির্ভৰ অভিযান সফল হ’ব৷ তদুপৰি ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ বাবে বিনিয়োগ, পর্যটন খণ্ডৰ বিকাশ, এইবিলাকত গুৰুত্ব দিব লাগিব৷ আচল কথাটো হৈছে যে চৰকাৰে যিকোনো প্রকাৰে দেশৰ দৰিদ্র শ্রেণীৰ মানুহৰ জীৱনশৈলী পৰিৱর্তন কৰিব লাগিব, তেহে অর্থনৈতিক উন্নয়নৰ বাবে লোৱা আঁচনি, পৰিকল্পনা, অভিযানবিলাক সফল হ’ব৷
Comments