Cartoon
View Older
গুৱাহাটী, ২৯ ডিচেম্বৰ: মেগাষ্টাৰ ৰজনীকান্তে ঘোষণা কৰি কয় যে স্বাস্থ্য সন্মত কাৰণত তেওঁ ৰাজনীতিত প্ৰবেশ নকৰে ৷যদিও সদায় মানুহৰ কল্যাণৰ বাবে কাম কৰি যাৱ ৷
উল্লেখ্য যে ৰজনীকান্তে ২০২১ চনৰ জানুৱাৰী মাহত এটা নতুন ৰাজনৈতিক দল আৰম্ভ কৰাৰ প্ৰায় নিশ্চিত খবৰ আছিল ৷ মেগাষ্টাৰ জনৰ ৰাজনৈতিক উপদেষ্টা তমিলাৰুভি ম্যানিয়ান কয় যে দলে অনাগত নিৰ্বাচনত ৰজনীকান্তে আৰম্ভ কৰা ৰাজনৈতিক দলে ৰাজ্যৰ ২৩৪ন বিধানসভা আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷
মেগাষ্টাৰ জনে বৰ্তমান ‘আন্নার্থে’ অসমীয়াত অৰ্থ ‘ভাই’ নামৰ চলচ্চিত্ৰত কাম কৰি আছিল ৷ তাৰ মাজতে ৰক্তচাপ আৰু দুৰ্বলতাৰ বাবে ৰজনীকান্তক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল ৷
যোৱা ৰবিবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ চিকিৎসকে অনুমতি প্ৰদান কৰিছে ৷
Comments