প্রতিটো নতুন বছৰে অসমৰ সমুখত থিয় কৰাই আহিছে একো একোটা নতুন নতুন প্রত্যাহবান– জীয়াই থকাৰ প্রত্যাহবান৷ পাঁচ বছৰৰ আগতে আমি ভাবিছিলোঁ, আশা কৰিছিলোঁ যে পূর্বৰ কংগ্রেছ দলৰ চৰকাৰে আমাৰ অন্তৰত পৰিচয় হেৰুওৱাৰ যি সম্ভাৱনা দাঙি ধৰিছিল নতুন বিজেপি দলৰ শাসনত সেই শংকা আঁতৰি যাব আৰু আমি বাঞ্ছা কৰা মতে আমাৰ পৰিৱর্তন সাধিত হ’ব৷
কিন্তু দেখা গ’ল আমি যেন কেৰাহীৰ পৰা জুইত পৰিলোঁ৷ চৰকাৰ গঠন কৰাৰ আগতে উদাত্ত কণ্ঠৰে দিয়া যিবোৰ প্রতিশ্রুতিয়ে আমাক আশান্বিত কৰি তুলিছিল সেই প্রতিশ্রুতিবোৰ এটা এটাকৈ ধোঁৱা হৈ উৰি গ’ল৷ আমি আমাৰ নিজৰ পৰিচয়েৰে জীয়াই থকাৰ আশাৰ সন্মুখত আমাৰ বাবে সৃষ্টি কৰিলে ভয়ংকৰ প্রত্যাহবান৷
জাতীয় স্বার্থতকৈ নিজৰ পদ, ক্ষমতা আৰু অর্থলাভৰ লোভত পৰা অনেকেই প্রত্যাহবান সৃষ্টিত অৰিহণা যোগাবলৈ ধৰিলে৷ আনকি আমাৰ জাতীয় স্বার্থৰ ৰক্ষাৰ বাবে আন্দোলন কৰিলে শ্বহীদ হ’ব লাগিব বুলি আমাক ভাবুকি দিবলৈ কেন্দ্রীয় গৃহমন্ত্রীও পিছ নোহুঁহকিল৷ কিন্তু ‘‘মৰিও নমৰা, পৰিও নপৰা বাণ ভগদত্ত চু্যকাফা জাত’’ৰ নতুন পুৰুষে প্রতিজ্ঞা কৰিছে– আইক ৰাখিবলৈ ‘‘আমি আগে বাঢ়িডিঙি পাতি পাতিতেজেৰে বলিশাল যামে বোলাই৷’’
প্রত্যাহবানৰ সন্মুখীন হৈ আমি সমস্বৰে গাব লাগিব, ‘‘অসমীয়া মৰা নাইঅসমীয়া মৰা নাইকোনোকালে নোৱাৰে মৰিব, লুইতৰ সোঁতে ক’বঅতীতৰ ভূতে ক’বঅসমীয়া চিৰঞ্জীৱীচিৰদিন জীৱ৷’’ এই প্রত্যাশা বুকুত বান্ধি আমি নতুন বছৰক আদৰণি জনাওঁ আহক৷
Comments