সৌ সিদিনাৰহে কথা
উচছল আনন্দৰ লহৰ ছটিয়াই হৰহৰাই
আহিছিল ৰে’লগাড়ীখন
সন্মুখৰ উজ্জ্বল আলোকত
চকুত পৰিছিল নামফলক এখন
২০২০ এক্সপ্রেছ
কান্ধত ওলোমা বেগ এটা
জাঁপ মাৰি উঠিছিলোঁ দবা এটাত
তৰুণ-তৰুণীৰ গিজ গিজ ভিৰ
হাইকিং ৰুকশ্বেক৲ বেগ
লিভাইৰ জীন৲ছ
প’লোৰ টি শ্বার্ট
ভৰিত ৰিব’কৰ স্প’র্টছ শ্বু
হেঁচি-ঠেলি ভিতৰলৈ সোমাই গৈছিলোঁ
কাৰ জানো মাত
আংকল৲ আংকল৲
ইয়াত সকলো নেক্সট৲ জেন
ছিনিয়ৰ চিটিজেনৰ দবা আগত আছে
আপুনি তালৈ যোৱাই ভাল হ’ব
বুজি পালোঁ
বছৰ বাগৰাৰ লগে লগে মোৰ বয়স বাঢ়িছে
প্রেম-আৱেগ আৰু এড৲ভেঞ্চাৰৰ মোৰ অধিকাৰ নাই
কেনেকৈ কওঁ তেওঁলোকক
সৰি পৰা নিয়ৰৰ শব্দ শুনি যি শিহৰিত হয়
ধীৰে ধীৰে ফুলা ফুলপাহ যিয়ে ৰ লাগি চাই ৰয়
বৰষুণৰ টুপ-টাপ সংগীতত
যাৰ বুকুত বাজে এক হাজাৰ বীণা
তেওঁৰ জানো কেতিয়াবা বয়স হয়
মনত দেখোন কুৰি বছৰীয়া টলমল যৌৱন
এটা চাৱনিৰ প্রতীক্ষাত
যাৰ পাৰ হয় কত বিনিদ্র নিশা
তেজেৰে লিখোঁ কত কবিতা
দৌৰাই ফুৰোঁ কল্পনাৰ উদ্দাম ঘোঁৰা
এতিয়াওতো বুকুত কঢ়িয়াই লৈ ফুৰোঁ
কাইলৈৰ কত সপোনৰ ৰূপৰেখা
সপোন আৰু কল্পনাৰ জানো বয়স থাকে
শৰীৰত সময়ৰ পলস
মুখত কত ধুমুহাৰ আঁচোৰ
সময়ৰ নির্দয় ছবি
থাকিবই পাৰে
কিন্তু
মনৰ ভিতৰত থাকিব নোৱাৰে জানো পৃথিৱী এখন
যি সময়ৰ পৰা স্বাধীন
য’ত মানুহে নিজেই ঠিক কৰে তেওঁৰ বয়স কিমান
অথবা ক’ত আছে তেওঁ
শৈশৱ নে যৌৱনত
মই ঠিক কৰিছোঁ
২০২১ত বছৰ বাগৰিলেও
শৈশৱলৈ উভতি গৈ নির্মল আৰু পবিত্র হ’ম
মচি দিম বছৰ বাগৰাৰ লগে লগে
প্রাপ্তবয়স্কতাই হূদয়ত সানি দিয়া হিচাপ-নিকাচ
ধূলি আৰু ধোঁৱাৰ প্রলেপ
মই নৈৰ পাৰৰ নিৰলাত বহি বিচৰণ কৰিম যৌৱনত
হিমালয়ৰ উত্তুংগ শৃংগত আৰোহণ কৰিম তোমাৰ সন্ধানত
নিমজ্জিত হৈ থাকিম তোমাৰ প্রেমত তুমিও নজনাকৈ
যিদৰে আকাশে নজনাকৈ বিমুগ্ধ নয়নেৰে
আমি ওপৰলৈ মুখ তুলি চাই ৰওঁ আকাশৰ বুকুলৈ
হে ২০২১ এক্সপ্রেছ
নিদোর্ষ ধেমালি আৰু নিষ্পাপ প্রেমেৰে ভৰা
শৈশৱ-যৌৱনৰ আমাৰ প্রাচীন ঘৰলৈ
Comments