Classifieds
View All
গুৱাহাটী, ৩ জানুৱাৰী: ভাৰতীয় বায়ু সেনাই জুকু উপত্যকাত বনজুই নুমুৱাবলৈ বেম্বি বাকেটৰ সহায়ত অভিযান অব্যাহত ৰাখিছে ৷ভাৰতীয় বায়ু সেনাই নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডলত লিখে –“জুকু উপত্যকাৰ বনজুই নুমুৱাবলৈ বায়ু সেনাৰ বেম্বি বাকেট অভিযান চলি আছে ৷ বৰ্তমান সময়ত ৪খন এমআই ১৭ হেলিকপ্টাৰ ডিমাপুৰ আৰু ৰঙপাহাৰত মোতায়েন কৰা হৈছে ৷ “
তদুপৰি জুকু উপত্যকাত হোৱা বনজুইৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ প্রতিক্রিয়া বাহিনী (এন.ডি.আাৰ.এফ)ৰ ৬০জনকৈ জোৱানক নিয়োগ কৰা হৈছে ৷
দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুক্ৰবাৰে বনজুই নমোৱাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ বাবে আশ্বাস প্ৰদান কৰিছে ৷
Comments