Classifieds
View All
গুৱাহাটী, ৮ জানুৱাৰী: কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে শুক্ৰবাৰে ডিজিটেল কেলেণ্ডাৰ আৰু দিনপঞ্জীৰ উদ্ধোধন কৰে ৷ আজি নেশ্যনেল মেডিয়া চেন্টাৰত হোৱা এটা অনুষ্ঠানত দেশৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে বিশেষ এণ্দ্ৰ’ইড আৰু আইঅ’এছ এপ্লিকেশ্যন মুকলি কৰে ৷
অনুষ্ঠানত মন্তব্য প্ৰকাশ কৰি জাভেদকাৰে কয় যে ই এটা বিনামূলীয়া এপ আৰু দেশৰ ১১টাকৈ ভাষাত এই এপ উপলব্ধ হ’ব ৷ এই এপৰ জৰিয়তে প্ৰতিবছৰে নতুন কেলেণ্ডাৰৰ প্ৰয়োজনো দূৰ হ’ব ৷ “প্ৰতি মাহতে নতুন বিষয়, এটা বার্তা আৰু ভাৰতৰ বিখ্যাত ব্যক্তিৰ বিষয়ে এই ডিজিটেল কেলেণ্ডাৰৰ জৰিয়তে জানিব পাৰিব ৷ এই এপৰ সহায়ত জনসাধাৰণে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰ সময়ৰ বিষয়েও জানিব পাৰিব ৷”
ডিজিটেল কেলেণ্ডাৰত উপলব্ধ থকা দিনপঞ্জীয়ে জনসাধাৰণক ডিজিটেলী আৰু অধিক সুবিধা প্ৰদান কৰিব বুলি উল্লেখ কৰে মন্ত্ৰালয়ে ৷
Comments