গুৱাহাটী, ১০ জানুৱাৰী: অভিনেত্ৰী কংগনা ৰানাৱটে আজি মন্তব্য প্ৰকাশ কৰি কয় যে মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা সকলৰ চৌদী আৰৱৰ দৰে ফাঁচীৰ নিৰ্দেশ দিব লাগে ৷ “আমাৰ দেশৰ আইন পুৰণি ৷ ন্যায় পাবৰ বাবে আমি বহু বছৰ অপেক্ষা কৰিব লগা হয় ৷ আইন ব্যৱস্থা আৰু আৰক্ষীয়ে কেৱল ভুক্তভোগীক হে হাৰাশাস্তি কৰে ৷ যদিহে আপুনি কিবা এটা অভিযোগ কৰে তেন্তে প্ৰমাণ কৰাৰ দায়িত্ব আপোনাৰ উপৰতে থাকিব ৷ ন্যায় প্ৰদানৰ এই দীঘলীয়া ব্যৱস্থাৰ বাবে আমাৰ বহু মানুহে আৰক্ষীৰ ওচৰত গোচৰৰ নিদিয়াৰ কাৰণ ন্যায় পাবৰ বাবে বহু বছৰৰ প্ৰয়োজন হয় ৷বহু অভিযুক্ত মুকলি হয় তাৰ বিপৰীতে বহুতে লঘু শাস্তিহে লাভ কৰে ৷”- বুলি অভিনেত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷
অভিনেত্ৰী গৰাকীয়ে কয় – ''চৌদী আৰৱৰ দৰে দেশত যিসকলে মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰে তেওঁলোকক ফাঁচী দিয়া হয় ৷ এনেধৰণৰ উদাহৰণ ভাৰততো স্থাপন কৰাটো প্ৰয়োজনীয় ৷”
লাভ জেহাদ আইনৰ ওপৰত কংগনাই কয় –“এই আইনখন প্ৰয়োজনীয় ৷ মধ্যপ্ৰদেশৰ ৩ হাজাৰ জীয়ৰী বৰ্তমান সময়ত সন্ধানহীন হৈ আছে ৷ অভিযুক্ত সকলে নিজৰ নাম সলনি কৰি ভুক্তভোগী সকলক সাক্ষাৎ কৰে যাৰ বাবে ছোৱালীবোৰে বহু বছৰ ধৰি প্ৰভাৱিত হৈ থাকিব লগা হয় ৷ মধ্যপ্ৰদেশ চৰকাৰৰ এনেধৰণৰ আইন বলবৎ কৰাৰ বাবে মই প্ৰশংসা কৰিছোঁ ৷ এই আইনে ছোৱালীৰ ভৱিষ্যত নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব ৷”
Comments