অনন্ত নাৰায়ণ বৰঠাকুৰ ঃ যোৰহাট, ৯ জানুৱাৰী ঃ ‘এটা সঁচা জীৱন গঢ়াৰ আনন্দ মোৰো আছে৷ যি কাম দূৰে দূৰে থাকি কৰিব নোৱাৰি তাৰ বাবে একমাত্র চমু পথ দীপালিক মই বিয়া পাতিব লাগিব৷ সেয়ে মোৰ সিদ্ধান্তত মই অটল আৰু আপোনালোককো কৈছোঁ–এটা জীয়া জীৱন মই ছবি হ’বলৈ নিদিওঁ৷ মোৰ দেহা থাকে মানে ৰং-তুলিকাৰে জীৱন্ত কৰি ৰাখিম৷ যদি কেতিয়াবা এই জীৱন ছবি হৈ যায় মোৰ তুলিকাতো আৰু ৰং নাথাকিব৷
মই মই হৈ নাথাকিম৷’ কৰ’না মহামাৰীয়ে কঢ়িয়াই অনা চৰম দুযোর্গৰ ফলত প্রায় এটা বছৰ স্থবিৰ হৈ পৰা যোৰহাটৰ সাংস্কৃতিক ক্ষেত্রখনৰ ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰত দুদিনীয়াকৈ আৰম্ভ হোৱা বার্ষিক নাট্যানুষ্ঠানত মঞ্চস্থ হোৱা ‘পৰেনে মনত... চেনাই মই যাওঁ দেই’ শীর্ষক নীল-দীপালিৰ জীৱন গাঁথাৰ ভিত্তিত ৰচনা কৰা নাটকখনৰ অনেক সংলাপৰ ভিতৰত উক্ত সংলাপটোৱেও পুনৰ জীপাল কৰি তুলিলে আজি সন্ধিয়া যোৰহাট থিয়েটাৰৰ পৰিৱেশ৷
উল্লেখযোগ্য যে কুৰি শকিতাক ইতিহাস ৰচিব পৰাকৈ অসমীয়া শিল্পৰ জীৱন্ত যুগলবন্দী সৃষ্টি হৈছিল দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ মিলনৰ মাজেৰে৷ এফালে ৰং-তুলিকাৰ সুৱাস আৰু আনফালে সংগীতৰ মূর্ছনাৰ মিলনে এনে এটা স্থাপত্য প্রস্তুত কৰিলে যাৰ নাম– মানৱতা৷ এই স্থাপত্যই সৃষ্টি কৰা মানৱতা তাজমহল নহয়, ই অসমীয়াৰ হূদয়ৰ তেজমহল৷ সেই মানৱতাক মঞ্চত প্রদর্শন কৰাৰ মানসেৰেই যুগজয়ী শিল্পী দুগৰাকীৰ জীৱন গাঁথাক নাটকীয় আৱেদনেৰে জীৱন্ত ৰূপ দিয়াৰ প্রয়াস কৰিছে নাট্যকাৰ প্রশান্ত কটকীয়ে৷
যোৰহাট থিয়েটাৰৰ ১২৫ সংখ্যক জয়ন্তী বর্ষৰ সৈতে সংগতি ৰাখি প্রাক্তন সভাপতি মানিক চন্দ্র খাওন্দ সোঁৱৰণী বার্ষিক নাট্যানুষ্ঠানৰ আয়োজন কৰিছে ৯ আৰু ১০ জানুৱাৰীত৷ নাটকখনৰ চৰিত্রসমূহ সঁচা৷ সেই বুলি ই চৰিত্রসমূহৰ জীৱন কাহিনী নহয়৷ নীলপৱন বৰুৱা আৰু দীপালি বৰঠাকুৰৰ জীৱন সম্পর্কীয় কথাবোৰ যেনেদৰে ৰাইজে জানে, সেইখিনি কথাকে এক নাটকীয় মাত্রা প্রদান কৰিছে নাট্যকাৰে৷ নাটকখনৰ সংলাপে অন্যতম গুৰু দায়িত্ব বহন কৰিছে৷ পৰিস্থিতি সাপেক্ষে সংলাপ কেতিয়াবা ঘৰুৱা, কেতিয়াবা কবিতাৰ দৰে৷
উল্লেখযোগ্য যে বিগত বর্ষত অসম চৰকাৰে শিল্পী পেঞ্চনেৰে সন্মানিত কৰা সুৰজিৎ শর্মা আৰু অসম চৰকাৰৰ ব্রজনাথ শর্মা বঁটা প্রাপক ৰীণা বৰাৰ দৰে অভিজ্ঞ শিল্পীৰ মনোমোহা আৰু প্রাণস্পর্শী অভিনয়ে মঞ্চৰ সমগ্র পৰিৱেশকেই অনন্য মাত্রা প্রদান কৰিছে৷ নীলপৱন বৰুৱা আৰু দীপালি বৰঠাকুৰৰ নামভূমিকাত অভিনয় কৰা কিচু্যৎ দত্ত আৰু শ্রেয়সী গোস্বামীৰ প্রাণৱন্ত অভিনয়ে সকলোকে মুগ্ধ কৰে৷ অন্যান্য চৰিত্রত দিলীপ বৰুৱা, মুক্তাৰোল হুছেইন, আলোক বৰুৱা, দিগন্ত হাজৰিকা, তৰুণ পৰীক্ষিত, আশাময়ী অধ্যাপক আৰু জয়ন্ত নাথৰ মার্জিত সন্তুলিত অভিনয় নাকটখনৰ অন্যতম এক যোগাত্মক দিশ৷
পেছাদাৰী আৰু অপেছাদাৰী নাটকৰ অভিজ্ঞ নাট্যশিল্পী পবিত্র বৰুৱাৰ পৰিকল্পনাৰে মঞ্চস্থ হোৱা নাটকখনত জয়ন্ত নাথৰ সংগীত পৰিচালনাৰে দীপালি বৰঠাকুৰৰ কালজয়ী গীতসমূহ মালাৰ দৰে গাঁথি প্রতিটো দৃশ্যত প্রয়োগ কৰাত কাহিনীৰ ভিতৰলৈ দর্শক সোমাই যোৱাত সঁচাই সফল হৈছে৷ নাটকখনৰ পোহৰৰ পৰিকল্পনা আৰু প্রক্ষেপণ অভিজ্ঞ নাট্যশিল্পী অমিতাভ বৰাৰ৷ অভিজ্ঞ নৃত্য পৰিচালক শৰৎ বাপ্পীৰ পৰিচালনাত এদল সু-নিপুণ নৃত্যশিল্পীয়ে দীপালি বৰঠাকুৰৰ গীতসমূহৰ নৃত্যাংশত নাটকখনক এক সুকীয়া মাত্রা প্রদান কৰা যেন অনুভৱ হ’ল৷
অসমৰ দুগৰাকী যুগজয়ী শিল্পীৰ জীৱন গাঁথাক নাটকীয় আৱেদনেৰে জীৱন্ত কৰাৰ প্রয়াস কৰা নাট্যকাৰ প্রশান্ত কটকী ধন্যবাদৰ পাত্র৷ প্রসংগক্রমে উনুকিয়াব পাৰি যে শিক্ষাবিদ কেশৱ চন্দ্র গোস্বামী সোঁৱৰণী সদৌ অসম ভিত্তিত আয়োজিত নাট প্রতিযোগিতাত এই নাটকখনে শ্রেষ্ঠ পাণ্ডুলিপিৰ বঁটা লাভ কৰিছিল৷ অশেষত কৰ’নাই সৃষ্টি কৰা বিভীষিকাময় পৰিৱেশৰ উপশম ঘটাত যোৰহাট থিয়েটাৰে ‘পৰেনে মনত... চেনাই মই যাওঁ দেই’ নাটকৰ প্রাণস্পর্শী নাট্যাভিনয়ৰ জৰিয়তে আজি সন্ধিয়া পুনৰ জীপাল কৰি তুলিলে যোৰহাটৰ অভিনয়ৰ ক্ষেত্রখন৷
শেষত নাটকখনৰ দীপালি বৰঠাকুৰৰ মুখত দিয়া ‘মোৰ হাত দুখন ওপৰলৈ তুলি দিয়াচোন৷ মোক আকাশত উৰাই দিয়াচোন৷ মোৰ সৌফালে উৰি যাবৰ মন গৈছে৷ বহু দূৰলৈ৷ তৰাৰ সৈতে মই দীপাৱলী পাতিম৷ সেয়ে মোৰ নাম দীপালি৷’ এই সংলাপেৰেই প্রয়াত যুগলবন্দীলৈ প্রণিপাত জনালোঁ৷
Comments