পাৰ্থ প্ৰতীম গোস্বামী, মাৰ্ঘেৰিটা, ১৪ জানুৱাৰীঃ দুদিনীয়া কাৰ্যসূচীৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজখোৱা পথাৰত আৰম্ভ হোৱা ভোগালী উৎসৱ-২০২১ যোৱা ১৩ জানুৱাৰীত শুভ উদ্ধোধন কৰে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অনুষ্ঠানত "মাকাম"খ্যাত ঔপন্যাসিকা ড° ৰীতা চৌধুৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰধ্যাপক ড° সুৰজিত বৰকটকীৰ লগতে বিধায়ক ক্ৰমে ডিব্ৰুগড় প্ৰশান্ত ফুকন, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, শদিয়াৰ বিধায়ক বলিন চেতিয়া, বিজেপিৰ ৰাজ্যিক উপ সভাপতি পুলক গোহাই, অসম চৰকাৰৰ সদস্য সচিব লক্ষ্য কোৱৰ, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা উপস্থিত থাকে।
তিনিচুকীয়া জিলাৰ এক নং আলুবাৰীৰ ৰাজখোৱা পথাৰত উপস্থিত হৈ মূখ্যমন্ত্ৰী গৰাকীয়ে পোনপ্ৰথমে অস্থায়ী ভাবে নিৰ্মাণ কৰা নামঘৰত সেৱা জনায়।নিজৰ ভাষণ প্ৰসঙ্গত কয় যে সমাজৰ সকলো অপসংস্কৃতি আৰু কুসংস্কাৰৰ লগতে হিংসা আৰু কপততা সকলোখিনি মেজিৰ জুইত জাহ যাবৰ বাবে ভগবানৰ ওচৰত প্ৰাথনা জনাইছে। মাৰ্ঘেৰিটাৰ ভোগালী মেলাত উপস্থিত হৈ বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মিলিত প্ৰচেষ্টাত উৎসৱটি উদযাপন হোৱা বিষয়ক লৈ গৌৰৱ অনুভৱ কৰে আৰু সম্প্ৰীতিৰ এনে দৃষ্টান্ত দেখি অভিভূত হৈ পৰেপ।আনহাতে মূখ্যমন্ত্ৰী গৰাকীয়ে লিডু আৰু মাৰ্ঘেৰিটাত দুখনকৈ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ডিজিটেল শুভাৰম্ভ কৰাৰ লগতে লিডুত এটা পানী যোগান প্ৰকল্পৰ উদ্ধোধন কৰে।
উল্লেখ্য যে,বৰ্ণালী বৰঠাকুৰৰ নেতৃত্বত উৎসৱস্থলীত আজি প্ৰায় ডেৰ শতাধিক মহিলাই সমবেত সংগীত পৰিবেশন কৰাৰ লগতে ধেমাজিৰ পৰা অহা নাগাৰা নামৰ দলটিয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। নিশা উৎসৱস্থলীত শিল্পী জুবিন গাৰ্গৰ লগতে জুবলি,দেৱজিত বৰা আৰু বেহাৰবাৰী আউট পষ্টখ্যাত কে কে,মোহনে অংশ গ্ৰহণ কৰে।প্ৰচণ্ড শীতকো নেওচি সমষ্টিৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা হাজাৰ হাজাৰ লোকৰ অংশ গ্ৰহণেৰে ভোগালী উৎসৱটি সফল কৰি তোলাৰ বাবে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই সমষ্টিবাসী ৰাইজৰ শলাগ লৈছে।
Comments