Classifieds
View All
গুৱাহাটী, ১২ জানুৱাৰী : আজি ইণ্ডিয়ান ছুপাৰ লীগত নিজৰ ১১নং খেলত নর্থ ইষ্ট ইউনাইটেড দল মুখামুখি হ’ব বেংগালুৰু এফচিৰ ৷ উল্লেখ্য যে প্ৰথম ৬খন খেল অপৰাজিত হৈ থকাৰ পিছত সপ্তমখন খেল জামছেদপুৰ এফচিৰ হাতত ১-০ গ’ল ব্যৱধানত পৰাজিত হৈছিল ৷
তাৰ পিছৰে পৰা খেলা ৩খন খেলৰ দুখনত এটিকে মোহন বাগান আৰু হায়দৰাবাদ এফচিৰ হাতত পৰাজিত হৈছে ৷
উল্লেখ্য দলৰ মাজত চলি থকা বিভিন্ন বিবাদৰ পৰিপ্ৰেক্ষিতত বেংগালুৰু এফচি দলেও ভাল প্রদর্শন কৰিব পৰা নাই ৷ দলটোৱে বৰ্তমান সময়লৈ ১০খন খেলৰ ভিতৰত ৩খনত জয়, ৩খনত দ্ৰ আৰু ৪খনত পৰাজিত হৈ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ ৬ষ্ঠ স্থানত আছে ৷
আই.এছ,এল ২০২০-২১ প্ৰতিযোগিতাত ২০২০ চনৰ ৮ ডিচেম্বৰ তাৰিখে মুখামুখি হোৱা খেলখনত দুয়োটা দলে ২-২ৰ দ্ৰ খেলিছিল ৷
Comments