দুলীয়াজান, ১২ জানুৱাৰীঃ ‘বৰ্তমান ৰাজ্য চৰকাৰৰ নেতৃত্ব লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চূড়ান্ত এগৰাকী বিফল মন্ত্ৰী হিচাপে প্ৰতিষ্ঠিত হৈছে। ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি, জাতীয় স্বাৰ্থত আপোচ কৰা মূল দায়িত্বত থকা এগৰাকী ব্যক্তি বুলিও ৰাইজে উপলব্ধি কৰিছে’-- এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। আজি দুলীয়াজানৰ লখিমী পেলেচত আয়োজন কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে নেতাজন।
তেওঁ কয় যে, অসম উন্নয়নহীন ভাবে চলি আছে, চাৰিওফালে বাটপথৰ শোচনীয় অৱস্থা, শিক্ষা ব্যৱস্থাত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। জাতীয় পুঁজিৰ তলি উদং ৰাজ্যলৈ পৰিণত হৈছে। ঋণগ্ৰস্ত ৰাজ্যখনত উদ্যোগ প্ৰতিষ্ঠান সমূহক পুনৰ উজ্জীৱিত কৰিবলৈ চৰকাৰে ব্যৱস্থা লব পৰা নাই। ইয়াৰোপৰি বাট পথ, দলং, বিদ্যুৎ এইবোৰ উন্নয়ন নহয়, দিল্লীয়ে ধন দিছে ৰাজ্য চৰকাৰে মাত্ৰ কাম কৰিছে তাত নতুনত্ব একো নাই। দিল্লীৰ পৰা অহা ধন লৈ অথবা ঋণ লৈ মানুহক ৮৩০ টকা দিয়াৰ বিপৰীতে কৃষকক এখন বজাৰ দিব লাগিব যাৰ বাবে কৃষকে উচিত প্ৰাপ্য পাব লাগিব কিন্ত সেইয়া আজিকোপতি হৈ নুঠিল।
ইফালে ৰাইজে চৰকাৰখনক উন্নয়নৰ খতিয়ান বিচাৰিলেই চৰকাৰে নাচ গান আৰম্ভ কৰে বুলিও কটাক্ষ কৰি সামগ্ৰিক ভাবে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক বিফল বুলি আখ্যা দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে। জাতীয় মহিলা পৰিষদৰ আহ্বায়ক বন্তি হাজৰিকা, জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক নিভা দত্তকে ধৰি বহু সংখ্যক জাতীয় পৰিষদৰ কৰ্মী বিষয়ববীয়াৰ উপস্থিতি থকা সভাত অগপ, বিজেপি আদিৰ লগতে প্ৰাক্তন ছাত্ৰ নেতা সহ প্ৰায় কুৰি গৰাকীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে।
Comments