Classifieds
View All
গুৱাহাটী, ১৩ জানুৱাৰী: ইণ্ডিয়ান ছুপাৰ লীগৰ নিজৰ ১১নং খেলত ৬নম্বৰ দ্ৰ খেলিছে নৰ্থ ইষ্ট ইউনাইটেড দলে ৷ যোৱাকালি বেংগালুৰু এফচিৰ বিৰুদ্ধে প্ৰথম অৰ্ধত লুইছ মাচাডোয়ে ২৭ মিনিটত এটা কাউন্টাৰ এটেকৰ সহায়ত নৰ্থ ইষ্ট ইউনাইটেড দলক পৰাজিত কৰে ৷ ২য় অৰ্ধৰ ৪৯ মিনিটত ৰাহুল ভেকেৰ এটা শ্বতক নর্থ ইষ্ট ইউনাইটেড দলৰ গ’লকীপাৰ গুৰমীট সিঙৰ ভুলৰ বাবে গ’লত পৰিণত হয় ৷
উল্লেখ্য যে এই দ্ৰৰ পিছত নৰ্থ ইষ্ট ইউনাইটেড দলে মুখ্য প্ৰশিক্ষক জেৰাড নুছক অপসাৰণ কৰে ৷ এক বিবৃত্তিত দলে কয় খালিদ জামিলক আই.এছ.এলৰ ২০২০-২১ প্ৰতিযোগিতাৰ নৰ্থ ইষ্ট ইউনাইটেড দলৰ পৰৱৰ্তী খেলকেইখনৰ বাবে মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব ৷
Comments