গুৱাহাটী, ১৩ জানুৱাৰী: হেঁপাহৰ ভোগালীক লৈ ৰাজ্যৰ উখল-মাখল পৰিৱেশ ৷ শদিয়াৰ পৰা ধুবুৰীলৈ আবাল-বৃদ্ধ-বনিতা সকলোৰে মাজত উছাহৰ ধল ৷ কাইলৈ উৰুকা, অসমৰ চহা জীৱনৰ চহকী দিন ৷ অসমীয়া জাতিৰ বাবে জাতীয় উৎসৱ বিহু স্বাভিমানৰ প্ৰতীক ৷ ভোগালী অর্থাৎ মাঘ বিহুক লৈও সকলোৰে অধীৰ প্ৰতীক্ষা ৷ পৰম্পৰা আৰু ভোগৰ সমাহাৰ ভোগালী ৷ গাঁৱে-ভূঞে প্ৰতিটো পৰিয়ালৰ জীয়াৰী-বোৱাৰী আখলত লাৰু-পীঠা, সান্দহ গুৰি আদিৰ প্ৰস্তুতিত ব্যস্ত ৷ ঢেঁকী চাবৰ লগে লগে খদমদম ব্যস্ততা ৷
উৰুকাৰ নিশা লগে-ভাগে এসাঁজ উদৰ পূৰাই খাবলৈ অসমীয়া সাজু ৷ উৰুকাৰ বজাৰত ইতিমধ্যে উভৈনদী হৈ পৰিছে মাছ-মাংস। থলুৱা মাছে এইবাৰ বজাৰ দখল কৰিব। বার্ড ফ্লুৰ বাবে বহিঃৰাজ্যৰ পৰা ব্রয়লাৰ-কুকুৰা আদি নিষিদ্ধ কৰাত উৰুকাৰ বজাৰত এইবাৰ কুকুৰাৰ মাংসৰ নাটনি হব। এনেপৰিস্থিতিত স্থানীয়ভাৱে উৎপাদিত হাঁহ-কুকুৰাই বজাৰৰ চাহিদা কিমানদূৰ পূৰণ কৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হব।
একাংশ অসাধু ব্যৱসায়ীয়ে পূৰ্বৰ তুলনাত ছাগলীৰ মাংসৰ দাম ইতিমধ্যে বৃদ্ধি কৰিছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ প্রান্তে প্রান্তে সকলো সামগ্ৰী বজাৰত উপলব্ধ হৈছে। আলু, অন্যান্য শাক-পাচলিৰ দাম নিয়ন্ত্ৰণত আছে যদিও মিঠাতেল, পিঁয়াজ, মাছ-মাংস, কণী আদি অন্য বহু খাদ্য সামগ্ৰীৰ চৰা দামে সাধাৰণ ৰাইজৰ উৰুকাৰ বাজেটত ব্যাঘাত জন্মাইছে। আৰ্থিকভাৱে পিছপৰাসকলৰ বাবে মোনা ভৰাই বজাৰ কৰাটো নিশ্চয়কৈ সহজ কথা নহয়। বিহুৱে ম্নান কৰে দুখৰ হুমুনিয়াহ। আকালৰ মাজতো সেয়েহে উৰুকাৰ নিশা আনন্দ মনেৰে মাছে-মঙহে এসাঁজ খাবলৈ আৰু ভোগালীক আদৰিবলৈ অভাৱগ্ৰস্ত অসমীয়া পৰিয়ালো সাজু। গুৱাহাটীৰ বজাৰত বিভিন্ন প্ৰকাৰৰ সু-স্বাদু লাৰু-পিঠা, দৈ, গুৰ, চিৰা, চাউল আদিও ভৰি পৰিছে।
উৰুকাৰ নিশা ৰং-ৰইচ আৰু ভোজমেলৰ জৰিয়তে পাৰ কৰাৰ পাছত পিছদিনা দোমাহীত মেজি জ্বলাই অসমীয়াই ল'ব অগ্নি দেৱতাৰ আশীৰ্বাদ তথা নতুন পণ। পৰম্পৰাগতভাৱে মেজিৰ জুইত সমাজৰ সকলো বাধা-বিঘিনি, দুখ-দুৰ্দশা নাশ হোৱাৰ কামনা কৰি অসমীয়া জাতিয়ে মংগল প্ৰাৰ্থনা কৰিব। মাঘ বিহুৰ এই পৰম্পৰাতেই নিহিত হৈ আছে জাতীয় জীৱনৰ ঐতিহ্য। আনহাতে, ক’ৰনা দুৰ্যোগৰ বাবে বিগত সময়ত বিভিন্ন উৎসৱ পালনৰ পৰা আঁতৰি থকা অসমীয়াৰ বাবে ভোগালীয়ে লৈ আহিছে সুখ, সমৃদ্ধি আৰু আনন্দৰ বতৰা।
Comments