গুৱাহাটী, ১৬ জানুৱাৰী: বিশ্ব স্বাস্থ্য সংস্থাৰ এটা বিশেষজ্ঞৰ দল চীনৰ ৱুহান চহৰত ক’ভিড ১৯ৰ উৎস সম্পর্কে অধ্যয়ন কৰিবলৈ উপস্থিত হোৱাৰ পিছত বিশ্বই ক’ভিড ১৯ৰ ক্ষেত্ৰত কেতিয়াও ৰোগী-০ (patient zero) বিচাৰি নাপাব বুলি উল্লেখ কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দলতোৰ নেতৃত্বত থকা মাৰিয়া ভ্যান কেৰখোভে এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ এই দলটোক বর্তমান সময়ত কোৱাৰাণ্টাইনত ৰখা হৈছে ৷ দলটোৰ দুগৰাকী সদস্যৰ ক’ভিড ১৯ত আক্ৰান্ত হোৱা বাবে চীনত প্ৰবেশ কৰাৰ অনুমতি দিয়া নহ’ল ৷
চীনৰ ৱুহান চহৰত ২০১৯ৰ শেষভাগত ক’ভিড ১৯ৰ উৎপত্তি হৈছিল ৷ হুৱানান কাষতে থক সাগৰীয় খাদ্যৰ বজাৰৰ কাষত থকা ৱুহান চহৰৰ প্ৰিমিয়াৰ ভাইৰ’ল’জী ইনষ্টিটইউটৰ ক’ভিড ১৯ৰ উংস হোৱা বুলি সন্দেহ কৰা হৈছিল ৷ মন কৰিব লগা যে এই বিতর্কিত পৰীক্ষাগাৰৰ পৰাই এজন ভাইৰ’লজিষ্ট “বেট ৱুমেন” নামেৰে পৰিচিত শ্বি ঝেংলিক বাদুলী আৰু ভাইৰাছ সম্পর্কে কৰা গৱেষণাৰ বাবে “advanced worker of the Chinese Academy of Sciences (CAS)" হিচাপে সন্মানিত কৰিছিল ৷
Comments