গুৱাহাটী, ১৬ জানুৱাৰী: দেশৰ কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে শনিবাৰে কয় যে নতুন কৃষি আইনে দেশৰ কৃষি খণ্ডত শক্তিশালী কৰিব আৰু কৃষকৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিব ৷ সামাজিক মাধ্যমত মন্ত্ৰীজনে লিখে –“নতুন কৃষি আইনে কেৱল দেশৰ কৃষি খণ্ডক শক্তিশালী কৰাই নহয় দেশৰ কৃষক সকলক অৰ্থনৈতিক অৱস্থাৰ উনন্তি কৰিব ৷ ২০১৩-১৪ৰ পৰা ২০১৯-২০লৈ দেশত ঘেঁহু উৎপাদন আৰু ক্ৰয় বৃদ্ধি পাইছে ৷ মন্ত্ৰীজনে সামাজিক মাধ্যমত কৰা দাবীৰ প্ৰমাণ হিচাপে এখন গ্ৰাফিক পোষ্টাৰ পোষ্ট কৰে ৷
পোষ্টাৰত থকা তথ্য অনুসৰি ২০১৩-১৪চনত ঘেঁহু ক্ৰয় কৰাৰ পৰিমাণ আছিল ২৫০.৯২ মেট্ৰিক টম ৷ তাৰ বিপৰীতে ২০১৯-২০ত ইয়াৰ পৰিমাণ হ’ল ৩৪১.৫৪মেট্ৰিক টন ৷ ইয়াৰ অৰ্থ এই যে ঘেঁহু ক্ৰয় কৰাৰ পৰিমাণ ৬টা বছৰত ৯০.৪১লাখ মেট্ৰিক টন বৃদ্ধি পাইছে ৷
আনহাতে ঘেঁহু উৎপাদন ২০১৩-১৪ চনত ২৬.১৮% থকাৰ বিপৰীতে ২০১৯-২০ চনত ৩১.৭২%লৈ বৃদ্ধি পাইছে, অৰ্থাত যোৱা ৬টা বছৰত ৬% ঘেঁহু ক্ৰয় বৃদ্ধি পাইছে ৷
Comments