গুৱাহাটী, ১৬ জানুৱাৰী: দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ভাৰতীয় সেনাই ভাৰত আৰু চীনৰ মাজত হোৱা সীমা বিবাদৰ সময়ত ভাৰতীয় সেনাই লোৱা ভূমিকাক প্ৰশংসা কৰি কয়- “ভাৰত আৰু চীনৰ মাজত হোৱা বিবাদৰ সময়ত ভাৰতীয় সেনাৰ প্রশংসনীয় কাৰ্যই দেশৰ মনোবল বৃদ্ধি কৰাৰ লগতে গৌৰৱান্বিত কৰিলে ৷”
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লক্ষ্ণৌত চেন্ট্ৰেল কমাণ্ডৰ মুখ্য কাৰ্যালয়ত নতুন এখন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে ৷ “এই চিকিৎসালয়খনৰ নিৰ্মাণ নতুন বছৰত আৰম্ভ কৰা হৈছে ৷ এই নতুন বছৰত হোৱা নিৰ্মাণে আমাক এক বার্তা দিয়ে যে যদিও পুৰণি বছৰটো সমস্যাৰ জৰ্জৰিত আছিল, হতাশাৰে ভৰপূৰ আছিল তেনে এক পৰিস্থিতিত নতুন বছৰটো সমাধান আৰু উৎসাহৰ বছৰ ৷”
“আজি দেশৰ টিকাকৰণ অভিযানৰ আৰম্ভণি কৰা হৈছে ৷ ভাৰতে নিজাববীয়াকৈ ভেকচিন প্ৰস্তুত কৰিলো আৰু বহুত কেইটা বর্তমান সময়ত প্ৰস্তুত হৈ আছে ৷ আমি কেৱল আমাৰ প্ৰয়োজনৰ সমানে ভেকচিন প্ৰস্তুত কৰা নাই তাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ইয়াক ৰপ্তানিও কৰিছোঁ, ইয়াৰ কাৰণ সমগ্ৰ বিশ্বই পৰিয়াল ৷”- বুলি ৰাজনাথ সিঙে মন্তব্য কৰে ৷
Comments