গুৱাহাটী, ১৬ জানুৱাৰী: দেশৰ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে কংগ্ৰেছ নেতা, সাংসদ মনিষ তিৱাৰীৰ ক’ভিড ১৯ ভেকচিনক লৈ কৰা বিতৰ্কিত মন্তব্যৰ সমালোচনা কৰি কয় –“মনিষ তিৱাৰী আৰু কংগ্ৰেছ দলে কেৱল অবিশ্বাস আৰু উৰাবাতৰি প্ৰচাৰ কৰা আগ্ৰহী ৷ দেশৰ বৈজ্ঞানিক সকলে শীঘ্ৰতাৰে ভেকচিন প্ৰস্তুতৰ কাম কৰিছে কিন্তু এই কাৰ্যত এটা পৰ্যায়তো কোনো ভুল হ’বলৈ দিয়া নাই ৷ সকলোৰে শীৰ্ষত সুৰক্ষা আছিল এই অভিযানৰ মূল নীতি ৷”
উল্লেখ্য যে কংগ্ৰেছ নেতা, সাংসদ মনিষ টিৱাৰীয়ে ভেকচিন অভিযানৰ কার্যকৰীতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি মন্তব্য কৰিছিল – “যদিহে ভেকচিন সুৰক্ষিত আৰু বিশ্বাসযোগ্য, এনে এক পৰিস্থিতিত চৰকাৰৰ কোনো এটা পদাধিষ্ঠিত ব্যক্তিয়ে আগবাঢ়ি আহি ভেকচিন কিয় নল’লে ?”
উল্লেখ্য যে আজি সর্বাভাৰতীয় চিকিৎসা প্ৰতিষ্ঠান এইমছৰ সঞ্চালক ডাঃ ৰণদ্বীপ সিং গুলেৰীয়াই জনসাধাৰণক ভাৰতৰ গৱেষক, বৈজ্ঞানিক, কর্তৃপক্ষক বিশ্বাস কৰিবলৈ আহ্বান জনাই কয় ভাৰত বায়’টেক ক’ভেকচিন সুৰক্ষিত বুলি মন্তব্য কৰে ৷
Comments