গুৱাহাটী, ১৬ জানুৱাৰী: চায়েদ মুস্তাক আলি প্ৰতিযোগিতাত আজি অসম দলে বেংগল দলক ১৩ৰানৰ ব্যৱধানত পৰাজিত কৰে ৷ অসম ক্ৰিকেট দলে প্ৰথমে বেট ধৰি অপেনাৰ পল্লৱ কুমাৰ দাসৰ ১১টা বলত ২০ ৰান, দেনিছ দাসৰ ৩৬টা বলত ৩৪ৰান আৰু ৰিয়ান পৰাগৰ ৫৪টা বলত ৭৭ৰান আৰু এৰিক ৰয়ৰ ১২ বলত ১৯ৰানৰ সহায়ত ২০ অ’ভাৰৰ অন্তত ৫টা উইকেট হেৰুৱাই ১৫৭ৰান সংগ্ৰহ কৰে ৷ উল্লেখ্য যে অপেনাৰ ঋষভ দাস পুনৰ এবাৰ ব্যৰ্থ হয় আৰু প্ৰথমটো বলতে শূন্য ৰানত আউট হয় ৷ তদুপৰি ব্যৰ্থ হয় ৰেকিবুদ্দিন আহমেদ (২টা বল ০ৰান) অৰু চাহিল জৈন (৪টা বল ১ৰান) ৷
১৫৮ৰানৰ লক্ষ্যৰ পিছ কৰি বেংগল দলে শ্ৰীবাস্তৱ গোস্বামীৰ ১৬ৰান, বিবেক সিঙৰ ২১ৰান, অনুষ্টপ মজুমদাৰ ৪৮ৰান আৰু মনোজ তিৱাৰীৰ ৩৩ৰানৰ সহায়ত যুঁজ দিছিল যদিও অসমৰ বলাৰৰ সন্মুখত ২০টা অ’ভাৰ খেলি ৮টা উইকেট হেৰুৱাই ১৪৮ৰান কৰিবলৈ সক্ষম হয় ৷ অসমৰ প্ৰীতম দাসে ৩টা, ৰিয়ান পৰাগে ২টা, মুখটাৰ হুইছেন আৰু ৰেকিবুদ্দিন আহমেদে এটা,এটা উইকেট দখল কৰে ৷
উল্লেখ্য যে আজিৰ খেলত ৰিয়ান পৰাগে অসম দলক নেতৃত্ব দিয়ে ৷
Comments