ডিব্ৰুগড়, ১৬ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো আজিৰে পৰা ক'ৰোণা ভেকচিনৰ টীকাকৰণ আৰম্ভ হৈছে। অসম চিকিৎসা মহাবিদ্যালয়ত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানিক ভাৱে কভিড ভেকচিন টীকাকৰণ শুভ উদ্ধোধন কৰে।
উজনিৰ আটাইকেইখন জিলাৰ বাবে শুক্ৰবাৰে স্বাস্থ্য বিভাগৰ তত্বাবধানত কভিডচিল্ড ভেকচিন আহিছিল ডিব্ৰুগড়লৈ।ডিব্ৰুগড়ৰ পৰা এই ভেকচিন সমূহ উজনিৰ জিলা ক্ৰমে যোৰহাট,মাজুলি,শিৱসাগৰ, চৰাইদেউ,তিনিচুকীয়া,লক্ষিমপুৰ,ধেমাজিলৈ প্ৰেৰণ কৰা হয়। আৰু আজি দেশৰ ভিন্ন স্থানৰ লগতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু বৰবৰুৱাৰ উপস্বাস্থ্য কেন্দ্ৰত প্ৰদান কৰা হব এই কভিডচিল্ড ভেকচিন।
প্ৰথম পৰ্যায়ত ডিব্ৰুগড়ৰ জিলাৰ ৪,২২০গৰাকী ৰাজ্যিক স্বাস্থ্য কৰ্মী লগতে ২২০গৰাকী কেন্দীয় স্বাস্থ্য কৰ্মী আৰু ১৪০গৰাকী সেনা জোৱানক সামৰি প্ৰদান কৰা হব এই ভেকচিন।
আৰু আজি দিনটোতে প্ৰথম পৰ্য্যায়ত অসম চিকিৎসা মহাবিদ্যালয়ত ২৭ জন চিকিৎসকক সামৰি ১০০ গৰাকী আৰু বৰবৰুৱা হস্পিটেলত ১০০ গৰাকী লোকক প্ৰদান কৰা হয় এই ভেকচিন। প্ৰথম ভাগত ৫৯৯০ টা ভেকচিন আহিছে ডিব্ৰুগড় লৈ আৰু আজি এইদৰেই অনুষ্ঠানিক ভাৱে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চিকিৎসা মহাবিদ্যালয়ত এই কভিড ভেকচিন মুকলি কৰা পাছতে আৰম্ভ হয় ভেকচিন টীকা কৰন কাৰ্য।
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ কাকতি বিধায়ক ঋতুপৰ্ণ বৰুৱা উপস্থিত থাকে।
Comments