Classifieds
View All
গুৱাহাটী, ১৬ জানুৱাৰী: ৰাজ্যৰ সকলো পর্যায়ৰ শিক্ষানুষ্ঠানৰ ছাত্ৰাৱাস, ছাত্ৰী নিবাসসমূহ ১ ফেব্ৰুৱাৰীৰ পৰা সম্পূর্ণ খুলিব। যোৱাকালি এই কথা ঘোষণা কৰিছে অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে ইতিমধ্যে কেৱল চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবেহে ছাত্ৰাবাস, ছাত্ৰী নিবাসসমূহ খুলি দিয়া হৈছে যদিও অন্য শ্রেণীৰ ছাত্র- ছাত্ৰীক হোষ্টেলত থকাৰ অনুমতি প্রদান কৰা নাই। ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানতে নিয়মিত শিক্ষাদান আৰম্ভ হোৱা সত্ত্বেও হোষ্টেলসমূহ বন্ধ হৈ থকাত বিশেষকৈ দূৰণিবটীয়া ছাত্ৰ-ছাত্ৰীসকলে পাঠদান প্রক্রিয়াত অংশ লেৱাত সমস্যাৰ সন্মুখীন হৈ আহিছিল ৷ শেহতীয়াকৈ শিক্ষামন্ত্ৰীৰ এই ঘোষণাই ছাত্ৰ ছাত্ৰী সকলৰ মাজত আশাৰ বতৰা কঢ়িয়াই আনিছে ৷
Comments