গুৱাহাটী, ১৬ জানুৱাৰী: নতুন তিনি কৃষি আইনৰ বিৰোধীতা কৰি থকা ৪০টা কৃষক সংগঠনৰ অন্যতম ভাৰতীয় কিষান ইউনিয়ন (লোকশক্তি)য়ে উচ্চতম ন্যায়ালয়ক উচ্চতম ন্যায়ালয়ে গঠন কৰা সদস্য সকলক কমিটিৰ পৰা বাহিৰ কৰাৰ বাবে অনুৰোধ কৰিছে ৷ উল্লেখ্য যে কৃষক সংগঠন সমূহেও উচ্চতম ন্যায়ালয়ে গঠন কৰা এই কমিটিৰ বিৰোধীতা কৰি আহিছে ৷
ভাৰতীয় কিষান ইউনিয়নৰ অধিবক্তাই কয় যে উচ্চতম ন্যায়ালয়ে গঠন কৰা এই কমিটিখনে ন্যায়ৰ মূল নীতিৰ উলংঘা কৰিব কাৰণ এই কমিটি সদস্য সকলে ইতিমধ্যে কৃষি আইনৰ সমৰ্থন কৰিবলৈ আৰম্ভ কৰিছে ৷ সংগঠনে সেইসকল ব্যক্তিকহে কমিটিত নিয়োগ কৰিবলৈ আহ্বান জনাইছে যিসকলে এই কাম কৰিব পাৰে ৷
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া ৪জন ব্যাক্তিৰ কমিটিৰ পৰা ভূপিন্দৰ সিং মানে পদত্যাগ কৰিছিল ৷ ভূপিন্দৰ সিং মান হ’ল ভাৰতীয় কিষান ইউনিয়ন ৰাষ্ট্ৰীয় সভাপতি ৷ কমিটি খনৰ অন্য সদস্য কেইজন হ’ল আন্তৰাষ্ট্ৰীয় খাদ্য নীতিৰ দক্ষিণ এছিয়াৰ সঞ্চালক ড০ প্ৰমোদ কুমাৰ যোশী, অৰ্থনীতিবিদ অশোক গেহলট আৰু অনিল ঘানাৱট ৷
অন্য এখন শপতনামাত কৃষক সংগঠনটোৱে ২৬ জানুৱাৰীত কৃষক সংগঠনৰ ট্ৰেক্টৰ ৰেলীক নিষিদ্ধ কৰাৰ বাবে কৰা আবেদনক খাৰিজ কৰাৰ বাবে অনুৰোধ জনায় ৷
Comments