তিনিচুকীয়া, ১৬ জানুৱাৰী: তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ উদ্যোগত আৰু ৰঙাজান বিষ্ণু জ্যোতি শিশু বিকাশ কেন্দ্ৰৰ সহযোগত তিনিচুকীয়া জিলা ভিত্তিত অহা ৩১ জানুৱাৰীত ৰঙাজানত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম জয়ন্তী আয়োজনৰ প্ৰস্তুতি চলাইছে। ৰঙাজানৰ বিষ্ণু -জ্যোতি শিশু বিকাশ কেন্দ্ৰত ( জৱাহৰ নবোদয় বিদ্যালয়ৰ সমীপত ) দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম জয়ন্তী দ্বিতীয় বাৰৰ বাবে আয়োজন কৰিছে।
উক্ত দিনা তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ শিশু, মইনা সকলৰ মাজত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গীত, কবিতা পৰিবেশন কৰাৰ লগতে বিষ্ণুৰাভা গীতৰ আধাৰত নৃত্য পৰিবেশন কৰা হব। সদৌ অসম মইনা পাৰিজাতৰ দ্বাৰা শিশু ভাস্কৰ উপাধি লাভ কৰা হেমন্ত ৰাজ মৰানে বিষ্ণুৰাভাৰ জন্ম জয়ন্তী আয়োজনৰ দাতা হিচাপে আছে।
তিনিচুকীয়া জিলা ভিত্তিত আয়োজন কৰা এই জন্ম জয়ন্তীত অসম সাহিত্য সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাছুকে ধৰি অসমৰ বহু কেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতায়ো অংশ গ্ৰহণ কৰিব। উল্লেখযোগ্য যে, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিন অৰ্থাৎ ২০ জুনত বিষ্ণু ৰাভা দিৱস পালন কৰা হয় যদিও জন্ম দিনটো আয়োজন কৰি যাক জমকতাৰে অনুষ্ঠান পৰিবেশন কৰা নহয়। কিন্তু ৰঙাজানৰ বিষ্ণু জ্যোতি শিশু বিকাশ কেন্দ্ৰই শিল্পী জনাৰ জন্ম দিনটোক গুৰুত্ব সহকাৰে লৈ জন্ম জয়ন্তী আয়োজন কৰিবলৈ ঠিৰাং কৰিছে। বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম জয়ন্তী আয়োজন কৰিবলৈ লোৱা প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।
Comments