Classifieds
View All
গুৱাহাটী, ১৮ জানুৱাৰী: ব’ম্বে উচ্চ ন্যায়ালয়ে বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সম্পৰ্কত হোৱা শুনানিত সোমবাৰে সংবাদ মাধ্যমৰ এজন ব্যক্তিৰ মৃত্যু আৰু আত্মহত্যা প্ৰসংগত সংবাদ মাধ্যমক কিছু নীতি অনুসৰণ কৰাৰ বাবে নিৰ্দেশ দিয়ে আৰু কয় যে আৰক্ষীৰ অপৰাধৰ তদন্তত মেডিয়া ট্ৰায়েলে হস্তক্ষেপ কৰে ৷ ব’ম্বে উচ্চ ন্যায়ালয়ে বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সম্পৰ্কে নিজৰ ৰায় আজি সংৰক্ষিত কৰি ৰাখে ৷
ন্যায়ালয়ে ইলেক্ট্ৰনিক মেডিয়াই প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ নীতি নিয়ম অনুসৰণ কৰিব লাগিব বুলি নির্দেশ দিয়ে ৷
উল্লেখ্য যে সুশান্ত সিং ৰাজপুতক মুম্বাইৰ বাসগৃহত ১৪ জুন তাৰিখত ব’ম্বে আৰক্ষীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰিছিল ৷
Comments