গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১৮ জানুৱাৰী ঃ অসমত বাজিল বিধানসভা নির্বাচনৰ ৰণডংকা৷ নির্বাচন আয়োগে দিয়া নির্দেশনাৱলী কার্যকৰীকৰণ কৰি চলোৱা প্রস্তুতি সম্পর্কত দেশৰ মুখ্য নির্বাচন আয়ুক্তসহ এটা শীর্ষ দলে বুজ ল’বলৈ অহাৰ লগে লগে অসমৰ নির্বাচনৰ দিন যে অচিৰে ঘোষণা হ’ব তাৰেই ইংগিত স্পষ্ট হৈ পৰিল৷
নির্বাচন আয়োগৰ বিশেষ তৎপৰতাৰ বাবে মার্চ মাহৰ শেষভাগৰ পৰা পর্যায় ক্রমে নির্বাচন অনুষ্ঠিত কৰিব পৰাকৈ ফেব্রুৱাৰী মাহৰ প্রথম ভাগত নির্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে নির্বাচনৰ দিন ঘোষণাৰ পূর্বে নির্বাচন আয়োগে কেতবোৰ নীতি-নির্দেশনা আগতীয়াকৈ জাৰি কৰে৷ আয়োগৰ নির্দেশনা অনুসৰি ৰাজ্যসমূহৰ নির্বাচন বিভাগে নির্বাচনৰ প্রস্তুতি কেনেদৰে চলাইছে সেই বিষয়ে বুজ ল’বলৈ আয়োগে দল প্রেৰণ কৰে৷
শেষ পর্যায়ত মুখ্য নির্বাচন আয়ুক্ত, আয়ুক্ত আৰু বিষয়াৰে গঠিত আয়োগৰ পূর্ণাংগ দলে সংশ্লিষ্ট ৰাজ্যখন ভ্রমণ কৰি নির্বাচন বিষয়া, মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধানৰ লগতে ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়া আৰু ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হয়৷ অর্থাৎ শেষ পর্যায়ত মুখ্য নির্বাচন আয়ুক্তসহ পূর্ণাংগ দলে নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য ভ্রমণ কৰে৷ আজি সন্ধিয়া দিল্লীৰ পৰা মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাসহ আয়োগৰ দলটোৱে গুৱাহাটীত উপস্থিত হৈয়েই ৰেডিছন ব্লুত ৰাজ্যৰ মুখ্য নির্বাচন বিষয়া নীতিন খাড়ে আৰু বিষয়াসকলৰ লগত আলোচনাত মিলিত হৈছে৷
নির্বাচন আয়োগৰ শীর্ষ দলে ৰাজ্যসমূহে নির্বাচনৰ বাবে চলোৱা প্রস্তুতিৰ বুজ লৈ উভতি যোৱাৰ কিছুদিনৰ পাছতে নির্বাচনৰ দিন ঘোষণা কৰা হয়৷ মুখ্য নির্বাচন আয়ুক্তৰ নেতৃত্বত শীর্ষ দলে অসম ভ্রমণ কৰি নির্বাচনী প্রস্তুতিৰ বুজ লোৱাৰ লগে লগে শীঘ্রে নির্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনাক স্পষ্ট কৰিছে৷ ২০১৬ চনত অসমত বিধানসভা নির্বাচন এপ্রিল মাহত দুটা পর্যায়ত অনুষ্ঠিত হৈছিল৷ বিধানসভা নির্বাচনৰ দিন আগুৱাই অহাৰ ইংগিত পাই আর্হি আচৰণ বিধি প্রযোজ্য হোৱাৰ পূর্বে ৰাজ্য চৰকাৰে আধৰুৱা কাম-কাজ সম্পূর্ণ কৰিবলৈ লৰা-ঢপৰা লগাইছে৷
হিতাধিকাৰী উপকৃত হোৱা আঁচনিসমূহ ৰূপায়ণৰ কামো তৎপৰতাৰে চলাই থকা হৈছে৷ বিধানসভা নির্বাচনৰ বাবে পূর্ণ প্রস্তুতিত জড়িত ৰাজ্যৰ নির্বাচন বিভাগে আজি চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰিছে৷ উল্লেখযোগ্য যে যোৱা ১১, ১২ আৰু ১৩ জানুৱাৰীত আয়োগৰ এটা দলে অসম ভ্রমণ কৰি যোৱাৰ পাছত পুনৰ তিনিদিনীয়া কার্যসূচীৰে মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাৰ নেতৃত্বত অহা দলটোত আছে নির্বাচন আয়ুক্ত সুশীল চন্দ্রা, ৰাজীৱ কুমাৰ৷
নির্বাচন আয়ুক্তসকলৰ লগতে আয়োগৰ সঞ্চালকপ্রধান ধর্মেন্দ্র শর্মা, উপ-নির্বাচন আয়ুক্ত চন্দ্র ভূষণ কুমাৰ, অতিৰিক্ত সঞ্চালক প্রধান শেফালী বি চাৰন, পি আই বিৰ মুখপাত্র আৰু নির্বাচন আয়োগৰ কেইবাজনো জ্যেষ্ঠ বিষয়াও দলটোত আছে৷ দলটোৱে ৰাজ্যৰ মুখ্য নির্বাচন বিষয়াৰ লগতে নির্বাচনৰ প্রস্তুতি সম্পর্কত বুজ লোৱাৰ পাছত কাইলৈ ৰাজনৈতিক দলসমূহৰ সৈতেও আলোচনাত মিলিত হ’ব৷
হোটেল ৰেডিছন ব্লুত ৰাজ্যৰ মুখ্য সচিব আৰক্ষী সঞ্চালকপ্রধান, গৃহ সচিব, মুখ্য নির্বাচন বিষয়া, নির্বাচনৰ লগত জড়িত বিভিন্ন এজেঞ্চি, জিলা নির্বাচন বিষয়া, আৰক্ষী অধীক্ষকসকলৰ লগত কাইলৈ আৰু পৰহিলৈ পৃথক পৃথককৈ কেইবাখনো বৈঠকত মিলিত হ’ব৷ নির্বাচনৰ লগত জড়িত সকলো পক্ষৰ পৰা প্রস্তুতি সম্পর্কত বুজ লোৱাৰ পাছত পৰহিলৈ অর্থাৎ ২০ জানুৱাৰীত এখন সংবাদমেল সম্বোধন কৰাৰ অন্তত পশ্চিম বংগৰ নির্বাচনৰ প্রস্তুতিৰ বুজ ল’বলৈ দলটো কলকাতালৈ যাত্রা কৰিব৷
Comments