Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,১৯ জানুৱাৰী:ইৰাণৰ এগৰাকী বৃদ্ধ আমৌ হাজীক বিশ্বৰ আটাইতকৈ লেতেৰা ব্যক্তি হিচাপে অভিহিত কৰা হৈছে।ইৰাণৰ মৰু অঞ্চলত অকলেই বাস কৰে আমৌ হাজী।৮৩বছৰীয়া বৃদ্ধগৰাকীয়ে বিগত ৬৫বছৰ ধৰি গা ধোৱা নাই।
ইমান লেতেৰাকৈ থকাৰ পাছতো তেওঁৰ শৰীৰত কোনো সংক্ৰমণ নাই।বৃদ্ধ আমৌ হাজীৰ দাবী যে নিজকে লেতেৰা কৰি ৰাখিয়েই তেওঁ দীৰ্ঘজীৱী হৈছে।গাঁওবাসীৰ মতে কম বয়সতে আবেগপ্ৰৱণ হৈ পৰাৰ পাছত আমৌ হাজীয়ে এনে এটা জীৱন কটোৱাৰ সিদ্ধান্ত লৈছিল।
সংসাৰৰ সকলো সুখ পৰিহাৰ কৰি বাচি লোৱা এই জীৱনক লৈয়েই সুখী আমৌ হাজী।গাঁৱৰ বাহিৰত মাটিৰ তলত গাঁত এটাতেই তেওঁ বাস কৰে।প্ৰতিদিনে হাজীয়ে এটা জীৰ্ণ তেলৰ পাত্ৰৰে ৫লিটাৰ পানী খায়।তেওঁ বনৰীয়া এন্দুৰৰ পচা মাংস খাই ভাল পায়।
ছিগাৰেটৰ প্ৰতিও আসক্তি আছে তেওঁৰ।ছিগাৰেট শেষ হৈ গ’লে জন্তুৰ শুকান বৰ্জনীয় পদাৰ্থকে জ্বলাই হোপে হাজীয়ে।
Comments